প্ৰথম খোজ | পিনাক পাণি বশিষ্ঠ | Assamese Book Review | Twilight Of Poem
![]() |
| প্ৰথম খোজ | পিনক পাণি বশিষ্ঠ |
কবি পৰিচয়:
নলবাৰী জিলাৰ বালিকৰিয়া, খাৰজাৰাত, ২০০০ চনৰ ১৬ এপ্ৰিলত জন্ম লাভ কৰা পিনাক পাণি বশিষ্ঠ, জিতেন গোস্বামী আৰু জোনালী গোস্বামীৰ জ্যেষ্ঠ পুত্ৰ। পিনাক বৰ্তমান এগৰাকী যুৱপ্ৰজন্মৰ উঠি অহা ছাত্ৰ কবি। বৰ্তমান পিনাক এজন নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ, কলা শাখাৰ সমাজ তত্ত্ব বিষয়ৰ ছাত্ৰ। কবিতা লিখাৰ উপৰিও তেওঁ এজন ভাল তৰ্কিক, বক্তা আৰু লগতে তেওঁ বিভিন্ন সামাজিক কামতো জড়িত।
গ্ৰন্থৰ বিৱৰণ:
'প্ৰথম খোজ' পিনাক পাণি বশিষ্ঠৰ প্ৰথমখন কবিতা সংকলন। নলবাৰীৰ বিশিষ্ট কবি তথা শিক্ষাবিদ বিনয় কুমাৰ মজুমদাৰে এই গ্ৰন্থখন প্ৰকাশ কৰে। ইয়াৰ প্ৰথম প্ৰকাশ ফেব্ৰুৱাৰী, ২০২০। গ্ৰন্থখনত সন্নিৱিষ্ট কবিতাসমূহ বিভিন্ন বিষয়ৰে সমাহাৰ, যেনে; জীৱন, বিষাদ, প্ৰেম, মৃত্যু, বিবাহ আদি। কিতাপখনত উল্লেখ কৰা চৰিত্ৰবোৰ সম্পূৰ্ণৰূপে কাল্পনিক, সেই নামবোৰ, কথাবোৰ সকলো কবিৰ নিজৰ সৃষ্টি।
মোৰ মতামত:
কবিতা মোৰ সদায়ে প্ৰিয়।প্ৰথম খোজ, কবিতা পুথি খন পঢ়াৰ পৰা কবিতা মোৰ আৰু প্ৰিয় হৈ পৰিছে। কবিয়ে অতি সৰল আৰু সুন্দৰ শব্দৰ গাঁথনিৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে, যেন ধুনীয়া শব্দৰ সংমিশ্ৰণে মৰমৰ এনাজৰীত ৰচিত এক প্ৰেমৰ মালা, য'ত কবিয়ে ভিন্ন পৰিস্থিতি নিজৰ সুন্দৰ কবিতাৰ মাজেৰে প্ৰকাশ কৰিছে।
মোৰ আটাইতকৈ ভাল লগা কবিতা কেইটামান...
১. দেউতা।
২. এফাঁকি কবিতাৰ সন্ধানত।
৩. নিপাত মানৱীয়তা।
৪. প্ৰেমৰ দস্তাবেজ।
কবিতা পুথিখন পঢ়াৰ পিছত, কিতাপখন মোৰ সঁচাকৈয়ে প্ৰিয় হৈ পৰিছে। নিশ্চয় মোৰ প্ৰিয়জন আৰু কবিতা ভালপোৱা ব্যক্তিক এই কবিতা পুথিখন মই উপহাৰ দিম, এক সুন্দৰ আৰু মন শান্ত কৰা কবিতাৰ সোৱাদ উপভোগ কৰাবলৈ।
...................................................................
Book Review বাবে যোগাযোগ কৰক : twilightofpoem@gmail.com
দূৰভাষ : ৯৬৭৮৮০৯২৭৩
আমাৰ মাহেকীয়া ই-আলোচনীত বেটুপাত/ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক।
( আলোচনীৰ বেটুপাতত আপোনাৰ ছবি প্ৰকাশ কৰিবলৈ, আমাক উপৰত দিয়া নম্বৰ / ইমেইলত যোগাযোগ কৰক)




Post a Comment