Twilight Of Poem

প্ৰস্ফুতিত পুৱাটি | ঘনশ্যাম বসুমতাৰী | অসমীয়া কবিতা | twilight of poem

প্ৰস্ফুতিত পুৱাটি | twilight of poem


প্ৰস্ফুতিত পুৱাটি

-ঘনশ্যাম বসুমতাৰী।


'Across the vast horizon
After the darkness of night
Over the pale blue eastern skies
Glowing with shades of gold and orangs
The sun slowly rises
As morning advances from the east
A new dawn breaks.....'

নিশা আতৰি গ'ল পুৱাৰ আভা পায়
যুৰিয়া শালিকী দেখি
প্ৰাৰম্ভণিৰ আকৌ এটা নতুন জীৱন
চৌদিশ পোহৰ পোহৰ।

তুমি পুৱাৰ বেলি
উজ্জ্বল
আৰু মই হ'ব খোজো
পুৱাৰ নিয়ৰ
মইয়ো উজ্জ্বলিম তোমাৰ পৰশতেই
মুকুতা মুকুতা হৈ।

জ্ঞাত নে তোমাৰ ?
আশা আৰু হেপাহৰ হে এই পুৱা
সুখময়-মংগলময়
কৰ্মময় দিৱসৰ স্বপ্নৰ
দিঠক প্ৰকাশ।

তুমি প্ৰসৰ হৈ যোৱা
মই লিন হ'ব খোজো তোমাৰ সতে নিয়ৰে
এক হৈ
বাষ্প বাষ্প হৈ
ডাৱৰ হৈ আকাশত
তোমাৰ সতে উমলিবলৈ।
-----------------------------------------------------------------------
▶️ You can also read :   
  🔶 Depressed Soul 

🔶 আপোনাৰ কবিতা আমালৈ পঠিয়াওক আৰু লাভ কৰক কিছু আকৰ্ষণীয় উপহাৰৰ‌ সুযোগ।


•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।

(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)
          

No comments