Twilight Of Poem

জীৱন | বৃষ্টি বৰুৱা | অসমীয়া চুটি গল্প

~জীৱন ~

  -বৃষ্টি বৰুৱা


     'উফ! আজিকালি কেক্ বোৰতো বৰ দাম হ'ল দেই।হাফ কেজিটোতে ইমান দাম লয় নে? তাতে আকৌ এই পেনপেনীয়া বৰষুণজাকো মানে নাহিলেই নহয়....' বিৰক্ত হৈ মুখতে ভোৰভোৰালে বনশ্ৰীয়ে। আজি সৌৰভৰ বাৰ্থদে' বাবে বহুত দিনৰ আগৰপৰাই তাই সৌৰভক এটা 'চাৰপ্ৰাইজ' দিয়াৰ কথা ভাৱি আছিল। সেইবাবেই তাই কেক্ আনিবলৈ ওলাই গৈছিল। কিন্তু হঠাৎ অহা বৰষুণ জাক আৰু কেক্ ৰ দামে তাইৰ খং মূৰৰ চূলিৰ ওপৰ পোৱালেগৈ। কোনোমতে আহি তাই দুৱাৰত টোকৰ মাৰিলে। দুৱাৰ খুলিবলৈহে পালে গোটেইজাক ল'ৰা-ছোৱালী আহি তাইক আগুৰি ধৰিলেহি। বনশ্ৰীয়ে ততাতৈয়াকৈ টেবুল এখনৰ ওপৰত কেক্ টো ওলিয়াই সজাই লৈ সৌৰভ ক কেক্ কাটিবলৈ মাতিলে। সৌৰভৰ সৰু সৰু আঙুলিকেইটাৰে কেক্ কাটি থকাৰ সময়ত তাৰ চকুত বিৰিঙি উঠা আনন্দৰ চকুপানী খিনি দেখি বনশ্ৰীৰো চকু চলচলীয়া হৈ পৰিল। এৰা! মাক-দেউতাকৰ মৰমৰ পৰা বঞ্চিত এই অনাথসকলৰ মুখত হাঁহি বিৰি‌ঙাই তোলাত কিমান যে আনন্দ পোৱা যায়....   (সমাপ্ত)
-----------------------------------------------------------------------
▶️ You can also read :

  🔶 Depressed Soul 

🔶 আপোনাৰ কবিতা আমালৈ পঠিয়াওক আৰু লাভ কৰক কিছু আকৰ্ষণীয় উপহাৰৰ‌ সুযোগ।


•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।


(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)

No comments