তুমি নুবুজিবা!
তুমি নুবুজিবা!
তুমি নুবুজিবা,
যেতিয়া অকলশৰে নিদ্ৰবিহীন ৰাতিটো পাৰ কৰোঁ,
যেতিয়া গাৰুটো মুখত হেচি ধৰি
বৈ যোৱা চকুলু আৰু অসহায় বেদনাৰ চিঞৰ
নিৰ্দয়ী সমাজৰ পৰা দূৰত লুকাই ৰাখো।
তেতিয়া অনুভৱ হয় সঁচা প্ৰেমৰ বেদনা কি।
তুমি নুবুজিবা,
যেতিয়া হেজাৰ জনৰ মাজতো
নিজকে অকলশৰীয়া অনুভৱ হয়,
যেতিয়া মনৰ দুখ আনন্দ
বেক্ত কৰাৰ কোনো নাথাকে
কষ্ট কাক কয়, তেতিয়া বহুত ভালদৰেই অনুভৱ হয়।
তুমি নুবুজিবা,
হয়তো তুমি কেতিয়াও বুজাৰ চেষ্টাই কৰা নাই।
লেখক:
মীলিক আহমেদ।
(All rights reserved by the author. Copying without proper permission is offensive act)



Post a Comment