মোৰ হেনো প্ৰেম হল!
মোৰ হেনো প্ৰেম হল!
মোৰ হেনো প্ৰেম হল!
মই হেনো অনবৰত তোমাৰ কথাই ভঁৱা হলোঁ!
নীৰৱে বহি বহি তোমাক স্মৰণ কৰি
আজি সঁচাই বৰ ভাল লাগিছে।
চাৰিওফালে যেন এক আনন্দ উৎসৱ।
মনে মোৰ বহু দিনৰ মূৰত 
প্ৰকৃত হাঁহিৰ সোৱাদ পালে।
হেজাৰ দুখৰ মাজতো নিজকে
আজি বৰ সুখী অনুভৱ কৰিছে।
সঁচাকৈয়ে মোৰ প্ৰেম হল;
কবিতাৰ সৈতে!
আৰু ইয়াৰ বাবে মই সঁচাই 
চিৰ কৃতজ্ঞ মোৰ প্ৰেয়সী 
মোৰ ভালপোৱা, "কবিতা"।
লেখক:
মিলীক আহমেদ।
(All rights reserved by the author. Copying is strictly prohibited)


Post a Comment