মদৰ ৰাগি | ঘনশ্যাম বসুমতাৰী | Twilight Of Poem
![]() |
| মদৰ ৰাগি| Twilight Of Poem |
মদৰ ৰাগি
-ঘনশ্যাম বসুমতাৰী
নিশাৰ দুপৰত খাম চিফুং জথা চেৰ্জাৰ ধ্বনি
মদৰ ৰাগিত মতলিয়া আমি
মদাহীবোৰে তুলিছো সুৰ নিশাৰ আন্ধাৰৰ
চিফুং চেৰ্জাৰে গাইছো গীত
খাম জথাৰে ৰাখিছো তাল
বিষ্ণু সংগীত কিম্বা পিতা উপেন্দ্ৰৰ জয়গান৷
বাগুৰুমবা , চিখ্ৰি চিখ্লাৰে কৰিছো
উপাসনা সুন্দৰৰ
মৗচাগ্লাংনাই নাচি হালিচো জালিছো
সত্ৰলি আৰু দাহাল-থুংৰিৰে কৰিছো
যোদ্ধ আখৰা
নাশিবলৈ আন্ধাৰ সমাজৰ৷
চকু মুদ খোৱা
আৰু থৰক বৰক খোজে দিছে সমাজৰ চিনাকি
আমি মদাহী
পাছে প্ৰতিক সেয়া অস্থিৰ সমাজৰ
জলন্ত বেদনা আৰু দুখ ভাগৰ৷
-----------------------------------------------------------------------
🔶 আপোনাৰ কবিতা আমালৈ পঠিয়াওক আৰু লাভ কৰক কিছু আকৰ্ষণীয় উপহাৰৰ সুযোগ।
•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)


Post a Comment