ডাইনী | উৎপল শিৱম | Twilight Of Poem
ডাইনী
- উৎপল শিৱম
বৰ নামঘৰত ডবাৰ ডুমডুমনি উঠিলেই...তাইৰ বুকুত ভুঁইকপ আহে!
বৰসবাহৰ দিনা ভকতৰ সোঁতে...
গাৱঁৰ আলি উখল্-মাখল্ হলেই
তাই দুৱাৰৰ চিটকানিডাল আঁটি আঁটি বান্ধে!
উৱঁলা পঁজাৰ তাইৰ ঘূঁনে ধৰা দুৱাৰদলিত..
অতিথিৰ খোজ নপৰা বহু দিনেই হল!
ৰিঙি মাৰি চুবুৰিয়াই টেঙা খাব নমতা...
কেইবাটাও বাৰিষা গল!
বাৰীৰ চুকৰ বগৰী জোপা এতিয়া..
গেলি পচি তল ভৰে!
তাহানিতে গৰখীয়া মখাই দিনৰ দিনটো তাতেই বাহৰ পাতিছিল!
এতিয়া বাৰীকাষৰ বনবোৰো চুৱা হল!
মাজৰাতি তাইৰ মুধচত পৰা পাথৰৰ ফৰ্ম্মুটিবোৰে .
পুৱতি নিশালৈ তাইক শুব নিদিয়া হল!
আক্ৰোশভৰা চিনাকী মানুহৰ চকুৰ হিংস্ৰতাই---
তাইক আজিকালি প্ৰাণৰ মমতাত পেপুৱা কৰে!
মাজৰাতি তাই ভগা আইনখন...
লুটিয়াই পুতিয়াই নিজকে চাই!
দেহাৰ কোনটো ভাজত ডাইনীৰ ঘৰ
বিচাৰি খুচৰি হাবাথুৰি খাই----!
বুকু চপৰিয়াই যেতিয়া বিননি জুৰে...
মাটিত বাগৰি বাগৰি তাই.....
চুবুৰিটো সচকিত হয়....
ভয়াৰ্ত গুঞ্জন বিয়পি যায়..
ইজনে সিজনক প্ৰশ্ন কৰে-
"ডাইনীয়ে কান্দিছে শুনা নাই?"
তাইৰ বুকুৱেদিওটো ক্ষীৰ সমুদ্ৰ বয়....
এধানীয়া কেঁচুৱাটোৱে...
চুপি চুপি তাৰ পুষ্টি লয়!
সন্ধ্যাতৰাই ভুমুকি মাৰিলেই...
তেন্তে কিয় তাইৰ
পদূলীটো জয়াল হয়?
ভয়ে ভয়ে পাৰ হোৱা শেষৰাতিৰ গাৱলীয়া বোৰে.....
তাইৰ পদূলী পালেই নাজানে কিয়...
গীতাৰ শ্লোক আওৰাব লয়!
কিমান দিন যে তাই ৰাজআলিটো দেখা নাই...
কত ৰাতি যে তাই শুকান পেটেৰে শুৱা নাই..!
ডাইনীৰ জানো ভোক লাগে?
যখিনীৰ জানো দুখ লাগে?
কিয় তেনে তাই ভোকাল পেটেৰে উৰে ৰাতি সাৰে থাকে?
কিয় ভাওনা সবাহৰ নিশাটো তাই....
বাগৰি বাগৰি উচুপি কান্দে?
এতিয়া জাকে জাকে হত্যাকাৰীৰ দলে...
পাল পাতি পাতি পহৰা দিয়ে গাঁৱৰ তিনিআলি!
তাইক হানিখুচি নি:শেষ কৰিবলৈ...
ন ন পাং পাতে...
পুৱা-গধুলী!
ডাইনীৰ জানো মাতৃত্ব আছে?
শাখিনীৰ জানো উৰ্বৰতা আছে?
কিয় তেনে তাই এধানি লৰাটো...
বুকুত সুমুৱালেই মমতা জাগে?
তথাপি তাই হেনো কুলক্ষণী...
দেখিলেই তাইক ডবা শংখ বাজে..!
পৈশাচিকতাৰ ৰোষ জাপি দি..
সভ্য সমাজখন জপিয়াই পৰে!
তাইৰ বাবে যে এতিয়া...
খোজে খোজে মৃত্যুৰ ছাঁয়া!
এজাক ক্ষুধাতুৰ বাঘৰ আগত...
তাই যে এজনী অবলা ভেড়া।
ভোকৰ জ্বালাত হাত পাতিবলৈ গলেও...
খেদি আহে এজাক হিংস্ৰ স্বৰ.....
"ডাইনী আহিছে ডাইনী....
সাৰিব নোৱাৰাকৈ মেৰিয়াই ধৰ"
পেটত খামুচি তাই দৌৰি আহি....
পোনাকনক সাবতি কয়...
"তইয়েই কচোন অ সোণ.
নিঠৰুবা নাৰীক খাবলৈ খেদা...
এইজাক যদি মানুহ হয়..
তেন্তে দৰাচলতে ডাইনী কোন?
দৰাচলতে ডাইনী কোন?
-------------------------------------------------------------------------------
![]()  | 
কুন্দ্ৰাক্ষ | 
উৎপল শিৱমৰ নব্যতম কবিতাপুথি বাচকবনীয়া মুঠ ৯৫ টি ভিন্নস্বাদৰ কবিতাৰে সমৃদ্ধ প্ৰতিশ্ৰুতি প্ৰকাশনৰ দ্বাৰা নিবেদিত কাব্যপুথি "কুন্দ্ৰাক্ষ " ২৮ জুলাই ২০১৯ ত প্ৰকাশ পাইছে।
ইচ্ছুক কবিতা প্ৰেমিয়ে ওচৰৰ কিতাবৰ দোকানত সন্ধান কৰিব পাৰে। বিশেষ জানিবলৈ আমাক comment বা mail কৰিব পাৰে।
Official email: twilightofpoem@gmail.com
----------------------------------------------------------------------
🔶 আপোনাৰ কবিতা আমালৈ পঠিয়াওক আৰু লাভ কৰক কিছু আকৰ্ষণীয় উপহাৰৰ সুযোগ।
•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)



Post a Comment