Twilight Of Poem

পিতাইলৈ | পিতৃ দিৱস কবিতা | নীলাভ দিগন্ত | twilight of poem

পিতাইলৈ

পিতাইলৈ

    -নীলাভ দিগন্ত


পিতাই তই ক'ত আছ' বাৰু এতিয়া!
আমালৈ মনত পৰেনে কেতিয়াবা!
সোতৰ বছৰ তোক দেখা নাই,
তোক আকৌ এবাৰ চাবলৈ ব্যাকুল মন!
মায়ে কয়,তই হেনো স্বৰ্গত থাক এতিয়া!
তই আমাৰ লগত থাকিবলৈ বেয়া পাৱ!
মাৰ বাবে তই সদায় আধালিখা ডায়েৰী,
যাৰ অৰ্ধাংশই একো একোটা মধুৰ স্মৃতি।
মোৰ বাবে সদায় এখন ডকুমেন্টৰী,
চকুৰ আগত ভাহি থকা বৰ্ণিল ছবি।
ভাইটি যে আৰু দুৰ্ভগীয়া জাননে,
তাৰ প্ৰথম জন্মদিনটোলে ৰব নোৱাৰি নো
অ' পিতাই তোলৈ বৰকৈ মনত পৰিছে
তোৰ অবিহনে উশাহ লবলৈও কষ্ট হৈছে!
পিতাই, য'তেই আছ তই কুশলে থাক।
তোৰ একাঁজলি মৰম,আশীৰ্বাদেই আমাৰ প্ৰেৰণা,
এয়া লৈয়ে আমি জীয়াই আছো আৰু জীয়াই থাকিম
           ------------------------------------------------------------------------------------------------------
▶️ You can also read : 🔶Homeless 
                                         🔶CLOTHES.. they say, talk a lot
                                         🔶The Begger

🔶 আপোনাৰ কবিতা আমালৈ পঠাওক। বিষয় :  পিতৃ দিৱস। (Father's Day)


•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।

(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)

No comments