দেউতা | পিতৃ দিৱস কবিতা | উৎপল শিৱম | twilight of poem
![]()  | 
| দেউতা : twilight of poem | 
দেউতা
- উৎপল শিৱম
    দেউতা______
এখন সুবিশাল আকাশ____
জীৱন ব্যপ্তি নিৰাপত্তাৰ
নিৰ্ভয় আশ্ৰয়___!
কোনো দিন দেউতাই দামী চোলা পিন্ধা নাই____
কোনো দিন মানুহজনে মোক ভালপাওঁ বুলি কোৱা নাই____
নিজক এলাগী কৰি...
গুজি দিছে সম্ভাৰ____;
বটবৃক্ষ ছাঁ হৈ আবৰিছে প্ৰতিক্ষণ...
কোনোদিন কিন্তু দেউতাই মোক বুকুত সাবতা নাই!
 নাজানো দেউতাৰ চেণ্ডেলৰ ফিটা কিয় চিগে...
নাজানো ভৰি দুখনত কিয় সদায় জোলা ফুটে____
নাজানো ৰৌদ্ৰতপ্ত দূপৰীয়া____
নিজকে জ্বলাই কিয় ছাৰখাৰ কৰে__
আৰু নাজানো......
দেউতাৰ হাতৰ তলুৱা কিয়_____
গোট মাৰি শিল হৈ পৰে।
ভোক নলগা শৈশৱৰ দিনত...
দেউতাই জানো কি গীত গায়___
গৰাহে গৰাহে ভাত পেটলৈ যায়....
ৰাণা প্ৰতাপ,লাচিত অথবা মূলাগাভৰুৰ অশ্বই.....
দেউতাৰ গীতৰ তালত
খট্ খট্ কদম বাই!
টোপনি নোযোৱা ৰাতিবোৰত____
নিচুকনি গীতেৰে মোক নিচুকাই...;
বীৰত্বৰ গাঠা গোৱা গীতৰ কলিবোৰত__
 শিয়ালীয়ে কাণ খাব কোনোদিন অহা নাই___!
বুকুত অদম্য সপোন জাপি দি
 দুচকু মোৰ জপাই দিয়া__    মানুহজন......!
নাজানো কিয়.......
 কোনোদিন টোপনি যোৱা নাই!
বজ্ৰনিনাদিত কন্ঠেৰে
গুজৰি উঠে তেতিয়া___
উশৃংখলতাৰ বোকাবোৰে ভৰিত চুমে যেতিয়া_
কঠোৰ হৈ পৰে মানুহজন....!
আৰু,হাতত ধৰি টানি নিয়ে
কঠোৰ শিল হৈ মোক.....
হাতীপটিৰ মুকুতা পথলৈ...!
নাজানো মানুহজনে কিয় হাঁহিব নাজানে___
নাজানো  কিয় তেওঁ শুবও নোৱাৰে____
কান্ধত বান্ধি লৈ কৰ্তব্যৰ বোজাটো___
দেউতা নাজানো কিয় ভাগৰি নপৰে!
দেউতা লাহে লাহে বুঢ়া হৈছে___!!
দূৰ্যোগ আৰু প্ৰতিকুলতাক নেওচি বৈ থকা নৈখনত.....
এতিয়া তৰাং খৰালি আহিছে!
আজিকালি কপি উঠে খোজবোৰ....
নিৰ্ভিক বীৰজনৰ!
তথাপি......
তেওঁ পৰি যোৱা নাই!
অত তত ধৰি বগুৱা বাইও অহা নাই....
কাহানিও কুঁজা হোৱা নাই;
বীৰদৰ্পে ভগদত্তৰ দৰে....
নাশি যায় প্ৰতিকুলতাক,
দেউতা মোৰ হাৰি যোৱা নাই!
     দেউতা!!
 যুগান্তৰৰ
দূৰ্জেয় মহাৰথী.....
অদম্য অজেয়
এক সত্বা!!
সুনীল আকাশৰ জ্বলন্ত তপন তেওঁ....
সাহস আৰু সত্যৰ
স্বপ্নদ্ৰস্তা!!
-------------------------------------------------------------------------------------
-------------------------------------------------------------------------------------
![]()  | 
| Kokhandro : Utpal Shivam | 
🔶 আপোনাৰ কবিতা আমালৈ পঠাওক। বিষয় : পিতৃ দিৱস। (Father's Day)
•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)



Post a Comment