◆শাৰদীয় অনুভৱৰ স্তৱক◆
![]()  | 
শাৰদীয় অনুভৱৰ স্তৱক::twilightofpoem.in 
 | 
(Image Contributed by Ridip Deka)
◆শাৰদীয় অনুভৱৰ স্তৱক◆
-মানসী বৰুৱা
বতাহজাক ফিৰফিৰিয়াকৈ বলিব ধৰিছে,
আবতৰীয়া ....
অনাগত শীতৰ বতৰা বিলাই ফুৰিছে চাগে,
সদ্যস্নাতা শুভ্ৰা শাৰদী ৰাণীৰ ৰংবোৰ যেন
শৰতৰ দলিচাত পাৰি দিবহি এতিয়া।
দূৰণিৰ কঁহুৱাজাকৰ খিলখিল হাঁহি,
হালিছে জালিছে,সপোন ৰচিছে।
নিয়ৰৰ মুকুতাবোৰ জোনাকীৰ পোহৰত
ছিলমিলাই উঠিছে।
আকাশখন যে মণিবই পৰা নাই,
ডাৱৰেৰে উমলিছে নে কুঁৱলীয়ে সাৱটিছে!!
সৌ টিলাটোৰ কাৰেংবোৰৰ পৰা
ঢিমিক ধামাক পোহৰৰ জিকমিকনি,
গোটেই পাহাৰখন নিশাৰ নৈশব্দতাত বুৰ গ'ল!
অনুভৱবোৰ গভীৰ হৈ গৈ আছে যেন নিশাটোৰ লগতে,
আমেজবোৰ....
আস, কিনকিনিয়া বৰষুণ জাকৰ অপেক্ষা আছিল মাথোঁ...
পৰিপূৰ্ণ সেয়াও।
লাহে লাহেকৈ টোপালবোৰে খেলিবলৈ লৈছে।
অবিৰত যাত্ৰা সিহঁতৰো ডাৱৰৰ কোলাত।
অনুভৱবোৰই হয়তো জীৱনৰ অন্য ৰং...
জোনাকীৰ নিয়ৰৰ লগত খেলাৰ সুখ,
শীতৰ শুভ্ৰ কোমল বতাহছাটিৰ পৰশ,
আৰু শৰতৰ হৃদয় চুই যোৱাৰ পৰিক্ৰমা।


Post a Comment