দেউতা | পিতৃ দিৱস কবিতা। সন্দীপ | twilight of poem
![]() |
দেউতা : twilight of poem
(Image by Ridip Deka)
|
দেউতা!
-সন্দীপ
দেউতাৰ অনুপস্থিতিতে বুজোঁ
মোৰ প্ৰতি দেউতাই লুকুৱাই ৰখা
তেওঁৰ মৰম আৰু বিশ্বাস
মাঁয়ে যদিও আৱেগৰ ঢৌত বৈ
প্ৰেয়েই মৰমেৰে সাৱটি ধৰে মোক
দেউতাই নিজকে বঞ্চিত কৰি ৰাখিছিল
মোৰ দেউতা আছিল এজন স্বাৱলম্বী ব্যৱসায়ী
তেওঁৰ সম্পদ বুলিবলৈ সদাইয়ে দেখিলোঁ
তেওঁৰ আদৰ্শ আৰু আত্মসন্মান
চৰকাৰী চাকৰিৰ ফষ্টি ত্যাগ কৰি
তেওঁ পাহাৰে-ভৈয়ামে দিনে-নিশাই
চলাই গল তেওঁৰ পৰিবহণৰ ব্যৱসায়
তেওঁ কষ্টক ভয় নকৰি
বহুতকে উপাৰ্জন কৰিব শিকাইছিল
আৰু সেইহে তেওঁ চিৰদিন বিপ্লৱী হৈয়ে থাকিল
তেওঁ আত্মকেন্দ্ৰিক নাছিল
তেওঁ আজীৱন স্বজনপ্ৰীতিৰ ঘোৰ বিৰোধী
সেইহে তেওঁ বহুতৰ আদৰ্শ হৈ থাকিল
দেউতাই আছিল মোৰ বন্ধু
তেওঁ প্ৰায়েই মোৰ লগত একেলগে বহি
বন্ধুৰ নিচিনাকৈ কৰিছিল হাঁহি-ধেমালি
তেওঁ জানিছিল মোৰ সকলো স্বভাৱ
আৰু তেওঁ বন্ধুৰ নিচিনাকৈয়ে মোক প্ৰায়েই জোকাইছিল
মোৰ কইনাৰ মৰমত বোলে মই তেওঁক এদিন পাহৰিম
দেউতাই মোক দিছিল শ্ৰেষ্ঠ উপহাৰ
তেওঁ মোক বিশ্বাস কৰিছিল
মোক স্বাধীন হৈয়ে থাকিব দিছিল
আৰু সেইহে তেওঁ মোক প্ৰশ্ন নকৰিছিল
তেওঁ মাথোঁ মাজে-মাজে উপদেশ দিছিল
আৰু মোৰ বাবে তেওঁৰ উপদেশেই আছিল আদেশ
তেওঁ প্ৰায়েই কিতাপৰ নিচাত ডুবি থাকিছিল
আৰু সেইহে তেওঁৰ গৱেষণাৰ ফল হিচাপে
তেওঁ ত্যাগ কৰিছিল ভেদাভেদ
তেওঁৰ পুথিভঁৰালৰ একেখন মেজতেই
তেওঁ ৰাখিছিল গীতা আৰু কোৰান শ্বৰীফ
তেওঁ ধৰ্মৰ আদৰ্শবোৰ আপোন কৰি পুজিছিল প্ৰকৃতি
মোৰ দেউতা মাটিৰ মানুহ আছিল
আৰু তেওঁ মাটিতে থাকিছিল
তেওঁ লৰক ফৰক কৰা ওখ চকীৰ পৰা
বাগিৰিব বুলি বৰ ভয় কৰিছিল
তেওঁ যদিও স্বাধীন হৈয়ে জীয়াই থাকিছিল
তেওঁ নিজৰ অস্তিত্ব পাহৰি যোৱা নাছিল
দেউতা এজন সংগ্ৰামী আছিল
আৰু ভয়ত সংগ্ৰাম ত্যাগ কৰা নাছিল
মই যদিও তেওঁৰ দৰে উগ্ৰ হব নোৱাৰিলোঁ
মই নিশ্চয়ে জীয়াই ৰাখিম তেখেতৰ সংগ্ৰামক
হয়তো তেওঁৰ সংগ্ৰামত মই বিচাৰি পাম
মই জীয়াই থকাৰ আদৰ্শ আৰু উদ্দেশ্য
🔶 আপোনাৰ কবিতা আমালৈ পঠাওক।
•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)


Post a Comment