কিতাপ। কাল্পনিক কবিতা। দীক্ষিতা দাস | twilight of poem
কিতাপ।
- দীক্ষিতা দাস
সপোন যেন লাগে জীৱন ,
মই যদি নিশব্দৰ মাত মাতিলোহেঁতেন!
উদ্ধাহু মনৰ প্ৰতিতো উৎসতে,
মই যদি সত্য, শান্তিৰ প্ৰতিষ্ঠাপক হ'লো হেতেন !
জীৱনৰ প্ৰত্যেকটো পৃষ্ঠাত সেউজ পৃথিৱীৰ
উজ্জ্বল বৰণ হৈ এটি নিকথ্যৰ কথন কৈ
জীৱনক বুজনি দি'লো হেতেন!
দুপৰৰ দুৱাৰৰ সাৰথি হৈ এটি মিচিকিয়া হাঁহিৰে
এটি দুটি কথাৰে উজ্জ্বল ভৱিষ্যৎৰ ৰামধেনু
হ'লো হেতেন!
পৰিবৰ্তনৰ কথা বহু ব্যস্ততাৰ মাজেৰেও মই যদি
ক'লো হেতেন!
ধিপধিপ পোহৰতো জ্বলি থকা চাকিৰ দৰে য
মই উজ্জ্বল হৈ জিলিকিলো হেতেন!
মই যদি এটি দুটি কথাৰে সাগৰ গঢ়িলো হেতেন!
মই যদি সকলোৰে মুখে-মুখে থকা কথাৰ সাগৰ
হ'লো হেতেন !
সকলো আশা নিশব্দ হৈ ৰৈ যায় মই যদি কিতাপ
হ'লো হেতেন!!!!!!!
----------------------------------------------------------------------------------------------------------
▶️ You can also read : 🔶Homeless
🔶 আপোনাৰ কবিতা আমালৈ পঠাওক। twilightofpoem@gmail.com
![]() |
| Twilight Of Broken Heart | Milik Ahmed Checkout this Latest Poetry Book by Milik Ahmed, A collection of Poetries explaining the Pain of a Man's heart.
You can buy Twilight Of Broken Heart from the following Stores:
Amazon : Twilight Of Broken Heart
Flipkart : Twilight Of Broken Heart
Notion Press: Twilight Of Broken Heart
|



Beautiful....keep writing
ReplyDelete