Twilight Of Poem

বিষাক্ত প্ৰহেলিকা | দ্বীপজ্যোতি মেধি | অসমীয়া চুটি গল্প




বিষাক্ত প্ৰহেলিকা

-দ্বীপজ্যোতি মেধি

‘কেতিয়াবা কণিকা হয়গৈ চব যন্ত্ৰণাৰ মূল । জীৱন সংগীতৰ মেলাত বেমাৰ আৰু কণিকাৰ যুগলবন্দী । এই কালজয়ী বান্ধোন সঁচাকৈয়ে বৰ আশ্চৰ্যকৰ ! থানবান হৈ যায় ৰেডিঅ'ই জীপাল কৰা দুপৰীয়া-'মই আৰ. জে. মল্লিকা আছোঁৱেই আপোনাৰ লগত প্ৰতিদিন এই মধুৰ ক্ষণত ।' অৱশ্যে মাজে-মাজে তাতো বাজে স্বনামধন্য আধুনিক গায়ক দুটামানৰ দুই-এটা ফপৰা গান । মুঠতে যন্ত্ৰণা ! নহবই বা কিয়, সহ্যৰ শেষ সীমা চেৰাই যোৱাৰ পিছত উঠে এই জহনীত যোৱা ধূলিৰ কণিকাবোৰৰ দেওধনী নাচ । কি যে যমৰ যাতনা ঐ গোঁসাই ! বৰষুণ বতৰত ভেজাল সিমান নাথাকে এই ফাগুণী আপদডালৰ । বেলিটো লহপহকৈ বাঢ়ি অহা সূৰ্যমুখী ফুলটোৰ দৰেকৈ ওলাই অহাৰ দিনাখনহে আৰম্ভ হয় ধূলি শকুনিৰ কুটিল পাশা । বচ্, তাৰ পিছত আৰু কি ! মূৰৰ বিষত তাল-আফাল আৰু নাকৰ পানী উজাই থকাৰ বতৰ।
চাল্লা চব এই মনহৰি ঠিকাদাৰৰ নাটক । ৰাস্তাটোৰ নামত অহা টকাসোপা অকলে গিলি দুটামান শিলগুটি আৰু বালি পেলাই কাম শেষ ! নামঘৰটোৰ সন্মুখতে দুঠেলা বালি পেলাইছে, অলগৰ্দ্ধ ক'ৰবাৰ ! নহয় নহয়, ই অলগৰ্দ্ধ নহয়; ই বেটা মহা চালাক । হেৰৌ, মাঘীয়া সভাখনৰ বতৰত পানী অকণ পৰিলেই বালিবোৰত যেনেকৈহে বোকা উঠি যায়; ৰাইজখনৰ অলপ কষ্ট হয়নে ! সেইবোৰ চকুত নপৰে নহয় ? এনেকৈয়ে লুটিলি তহঁতে দেশ । ধেই ধূলিৰ কণিকাবোৰ নাকে-মুখে সোমালে উশাহ বন্ধ হৈ যাব যেন লাগে পাই । ইমান লেতেৰা লেতেৰা লাগে ! তাতে আজি ৰ'দটোৰচোন বকাসুৰৰ দৰে খাওঁ খাওঁ মূৰ্তি । কি যে এটা কালিকা লগা দিন !’
ৰাজহুৱা নামঘৰটোৰ সন্মুখতে থকা চাংখনত বগৰী এটা চুপি-চুপি বহি আছে সোণাই । মূৰৰ ভিতৰত ঘূৰি আছে এইবোৰ মহাভাৰত । ইয়াক্ থুই !- বিৰক্তিত হঠাৎ মুখখন বিকটাই মাটিত দুবাৰমান থুৱালে সি । ক'ৰ পৰা যে ভোমোৰা এটা আহি মুখত সোমাইছিল । ছি: অসহ্য ! এই ভোমোৰাৰ দৰে জীৱবোৰ ভীষ্মৰ জীৱনত অহা অম্বাৰ দৰে । অশান্তি দিবলৈয়ে জন্মে নেকি এইবোৰ !
থান-থিত নোহোৱা কথাবোৰ ভাৱি থাকোতে প্ৰায় আধাঘণ্টা কেনেকৈ গ'ল গমেই নাপালে সি । ৰঘু দাইটিহঁতৰ ঘৰত সকাম খাবলৈ পৰহি মাতি গৈছিল । চুবুৰীৰে সমনীয়া ভোলাক কালিয়েই কৈছিল একেলগে যোৱাৰ কথা, সিও যাম বুলি কৈছিল । এতিয়া সিয়েই পলম কৰিছে বহুত । ইফালে সোনকালে ঘৰো উভতিব লাগিব । ৰুগীয়া মাকক অকলে ঘৰত এৰি আহি তাৰ কিবা অকণো ভাল লগা নাই । অকলশৰীয়া জীৱনত বহুত সমস্যা থাকে । হাৰ্টৰ বেমাৰী তাৰ মাক । ভৰষা বুলিবলৈ সিয়েই মাথোঁ ঘৰখনত । অৱশ্যে বৰ কামৰ ল'ৰা ই সোণাই । মেট্ৰিকটো দিয়াৰ পিছত আৰু পঢ়িবলৈ কপাল নহলেও দিন হাজিৰা কৰি দুটামান পইচা গোটাই নিজাববীয়াকৈ ব্ৰইলাৰ ফাৰ্ম এখন খুলিছে সি যোৱাবাৰ । বুট এমুঠি ধুই ৰাইজক খুৱাই আৰম্ভ কৰা দেখি ৰঘু দাইটিয়েই তাক কৈছিল- ‘বহুত আগলৈ যাবি তই বোপা । তোৰ অন্তৰখন বৰ ভাল । অদৃষ্টই তোৰ সদায় মংগল কৰক ।’ এৰা, এনেকুৱা আশীষবোৰতে জীয়াই থাকে দুখীয়াৰ সপোনবোৰ । যোৱা বছৰটোত পেট ভৰাই দুটামান ভাত খোৱাৰ উপৰিও মাকৰ দৰৱ-পাতি কিনাতো বৰ বেছি অসুবিধা হোৱা নাই তাৰ । দয়াশীল ঈশ্বৰৰ এই দয়া চিৰকাললৈ চলক ! সময়বোৰ যে ইমান সোনকালে দৌৰে- হঠাতে সি ভাৱে । গাঁৱৰ সকলোৰে বুকুৰ কুটুম সোণাই । ইমান মৰমীয়াল ল'ৰাটো, আচাৰ-ব্যৱহাৰ খুব মাৰ্জিত । সপ্তম শ্ৰেণীত প্ৰথম হওঁতে গোটেই গাঁওখনে তাক কান্ধত উঠাই শোভাযাত্ৰা কৰিছিল । মালতী মাহীয়েতো স্ফূৰ্তিতে লোকৰ ঘৰত বাচন মাজি অনা পইচাৰে গাঁওৰ চবকে বুন্দিয়া খুৱাইছিল ।
কথাবোৰ ভাৱি থাকোতে তাৰ মাকৰ দুগালত বৈ অহা সুখৰ অশ্ৰুৰ বন্যা সি বহুদিন দেখিছে । এক অৰ্থত সিও সুখী ।
‘সোণাই’- ভাৱত বুৰ গৈ থকা তাৰ কাণত ভোলাৰ সেয়া কিছু দোষী-দোষী মাত । ‘অ' তই বৰ পলম কৰিলি নহয় ।’- সামান্য উত্তেজিত স্বৰত ভোলাক ধমকিয়াই সোণায়ে কলে- ‘ব'ল ব'ল, বেলি ডুবিবৰ হলেই চাচোন ।’ খৰখেদাকৈ খোজ ললে দুয়ো । গৈ পাই দেখিলে কাথিতে বহি আছে দাইটি, দুয়ো গৈ কাষতে পীৰা পাৰি বহিল । চোতালৰ তাৰডালত মেখেলা এখন ৰ'দাবলৈ মেলি দিয়া সোণাইৰ চকুত পৰিল । যোৱাবাৰ আহোঁতে কমলা বায়ে বাৰীৰ পৰাই চিঞৰিছিল- ‘সেইখনৰ তলেৰে নাযাবি বোপাই । আয়ুস টুটিব ।’ কি বা, সংস্কাৰ অথবা অন্ধবিশ্বাস ! ধাৰণাটোৰ আঁত ঢুকি নাপায় সি । পিছে মানুহৰ জ্ঞানৰ হেঁপাহ আমৰণ অন্তহীন । ‘গুৰু-গোঁসাই নমনাবোৰ চব একো-একোটা অজামিল’- দাইটিৰ মুখত ফুটিছিল এদিন শব্দকেইটা, মনত আছে তাৰ । ‘চালা, অসম দেশৰ বিষম কথা’- ভোলাই তাৰ কাণত ফুচফুচাইছিল । চিন্তাসংঘাত ! জ্ঞানৰ বিস্তাৰৰ ফল অথবা অৱজ্ঞাৰ অজুহাত । চিন্তামগ্ন হৈ উঠে সোণাই । নৱোদয়ৰ ধাৰণাটো উত্তম কিন্তু সংযম আৰু সংস্কাৰো হেৰুৱাই পেলাইছে এচামে তথাকথিত আধুনিকতাৰ দোহাই দি । আৰে কথাটো হয়- নবীন চিন্তাই সুস্থ সমাজৰ বিকাশ ঘটায় । পিছে এইটো পাহৰিলেওতো নহব যে পুৰণিয়েই নতুনত্বৰ মূল । আচলতে বেয়াখিনি বৰ্জি ভালখিনিক জীয়াই ৰখাটোও অন্য এক কলা আৰু এই কলাৰে কলাকাৰ হবলৈ নৱপ্ৰজন্মৰ বহুতেই নিশিকিলে । ইহঁতেই এদিন সমাজৰ বৰলোক হ'ব ! কেনে হ'ব বাৰু সেই সমাজ ! এক অবুজ আতংকত কঁপি উঠে সোণাই ।
তাৰ মনত আছে, এদিন গধূলি পৰত ফেঁচা এটাই নিউ-নিউকৈ মাতি থকা দেখি মাকে স্বগতোক্তি কৰিছিল- কাকবা নিয়ে ! অন্ধবিশ্বাস বুলি জনাৰ পিছতো আশংকাৰ ধোঁৱাই তাৰ কুমলীয়া মনটোক বোবা আৰু দৃষ্টিহীন কৰি পেলাইছিল । জয়াল গধূলিটোত বহুপৰ কল্পিত যমালয়ত ভ্ৰমিছিল সিদিনা সি ।
‘অন্ধবিশ্বাসবোৰ সন্ত্ৰাসবাদীৰ শিবিৰবোৰত হোৱা প্ৰশিক্ষণৰ দৰে । একো নজনা অৱস্থাৰে পৰাই যদি গোকাট মিছা কথাবোৰেই জীৱনৰ প্ৰকৃত সত্য বুলি শিকাই থকা হয়, তেন্তে সেই নৰমণিচ এদিন এজন পৈশাচিক নৰখাদক হোৱাটোৱেই স্বাভাৱিক । একেই কথা অন্ধবিশ্বাস তথা কুসংস্কাৰবোৰৰ ক্ষেত্ৰতো খাটে ।’- ককাকে কোৱা কথাবোৰ খুব মনোযোগেৰে শুনিছিল সোণায়ে । এতিয়া ককাক নাই, নেদেখা দেশলৈ গুচি যোৱা বহুবছৰ হৈ গ'ল । পিছে তাক জীয়াই থাকিবলৈ খুব ভালদৰে শিকাই থৈ গ'ল । ‘মোৰ ককাৰ দৰে কাৰো ককা নহয়’- গৰ্বত বুকু ফুলি উঠে তাৰ ।
‘আহ ভাত খাওঁ ।’- মন্ত্ৰমুগ্ধ পুৰুষৰ দৰে ভোলাৰ পিছে পিছে সি উঠি গ'ল । পীৰা দুখন দুয়ো হাততে লৈ আহিল । চোতালতে কলপাতত ভাত দিছে । যিয়ে যেনেকৈ পাৰে তেনেকৈ বহি গৈছে । সোণায়ে বৰ অশান্তি পায় এনেকৈ । বস্তাত বহি সি ভাত একদম খাব নোৱাৰে । পীৰা হলে ভাল, বহোতে পেটত কষ্ট নাপায় ।
ধুনীয়াকৈ কাটি থোৱা কলপাতবোৰ এখন এখনকৈ গাঁৱৰে ভদায়ে বিলাই গ'ল । এচলুমান পানীৰে কলপাতখন ধুই লওঁ বুলি ভাবোঁতেই দিলেই নহয় কোনোবা এটাই ঘপহকৈ ভাত এবাতি । খঙেই উঠি যায় ! তাৰাতাৰিকৈ ভাতখিনিৰ মাজত সৰুকৈ গাঁত এটা বনাই ললে সি, তাতে দাইল ল'ব । হীৰেণদাহঁতৰ অকণে ভাজি বিলাই আছিল । সোণায়ে মন কৰিলে- চবকে বেছি বেছিকৈ দি সোণাইৰ পাতত দুডাল নে তিনিডাল লেচেৰা আৰু আলু দলিয়াই সি আঁতৰি গ'ল । ক্ষণিকৰ বাবে অসহায় যেন অনুভৱ কৰিলেও পিছমুহুৰ্ততে নিজকে চম্ভালি ললে সোণায়ে । স্কুলত থাকোঁতে এবাৰ অংকৰ ক্লাছত শৰ্মা চাৰে অকণ আৰু সোণাইক একেলগে মতাই নি নেওঁতাৰ ভাগ সুধিছিল । সোণায়ে টপটপাই উত্তৰ দি গৈছিল কিন্তু অকণে একো এটা ক'ব পৰা নাছিল । আকাৰে-ইংগিতে সি সোণাইৰ ওচৰত বহুবাৰ উত্তৰ বিচাৰিছিল কিন্তু যমৰ লেখীয়া শৰ্মা ছাৰৰ সন্মুখত সোণাইও নিৰুপায় আছিল । শেষত গৈ অকণক কাণত ধৰাই আঁঠু কঢ়াই থৈছিল চাৰে । সিদিনাৰ পৰা সোণাইক সি চকু পাৰি দেখিব নোৱাৰে । সি ভাৱে সিদিনা তাৰ সেই অপমানৰ মূল সোণাই । তাতে মোৰ কি দোষ !- সোণায়ে ভাৱে । ককাকে কৈ যোৱা কথাবোৰে শান্তি ঘূৰাই আনে- ‘বৰ বেছি চিন্তা নকৰিবি ঐ বোপাই; যাৰ বিবেক যেনে, তাৰ ব্যৱহাৰ তেনে ।’ ভাৱি ভাৱি ভাতকেইটা মুখত ললে সি ।
ভাত খায়েই সি আৰু তাত নৰল । গাঁৱৰ দুটামানক লগ পাই ভোলা তাতেই ৰ'ল, চাগে আবেলিলৈ লুকা-ভাকু খেলিব গোটেইমখাই । কিন্তু তাৰ মাক যে অকলে আছে, সি নোৱাৰে । তাৰ কোনো আক্ষেপো নাই । দাইটিক মাত লগাই সি ততাতৈয়াকৈ ঘৰমুৱা হ'ল । মাকে বা কি কৰিছে ! যোৱাবাৰ তিনিআলিৰ চকৰ নৰেনৰ দোকানলৈ চেনী আনিবলৈ যোৱা পৰখিনিতে যিটোহে অঘটন ঘটিছিল । ভাৱিলেই বুকু ধমধমাই যায় তাৰ । অচেতন হৈ পালেঙৰ পৰা মাটিত বাগৰি পৰিছিল মানুহজনী । ভাগ্য ভাল, মালতী মাহী মাকৰ লগতে আছিল । নহলে যে কি হলহেঁতেন তাৰ চেনেহৰ মাকজনীৰ ! হেৰুওৱাৰ ভয় আৰু মৰমৰ আৱেগত চকু দুটা ভৰি উঠে সোণাইৰ ।
মানুহবোৰে কয়- পুতেকৰ মায়াতে জীয়াই থাকে মাক ।
নাই নাই ! মাকক হেৰুৱাব নোখোজে সি কাহানিও । তাৰ খোজৰ গতি খৰ হ'ল ।
বাহনিখন পাৰ হবলৈ লওঁতে সি অলপ দুৰ্বল অনুভৱ কৰিলে । ঠাইখিনি অসম্ভৱভাৱে জয়াল । আধাবাটতে পোৱা এই বাহনিখনৰ তলেৰে সন্ধিয়া প্ৰায় মানুহ নাহেই । পকী ৰাস্তাৰে দূৰ হলেও মানুহবোৰ সেই পিনেৰেই ঘূৰি যায় । মূৰ তুলি চাই সোণায়ে দেখিলে বেলি ইতিমধ্যে ডুবিছেই । কিন্তু সি পলম কৰিব নোৱাৰে । প্ৰায় দৌৰাৰ দৰেকৈ খোজ ললে সি । সোনকালে ঘৰ পাব লাগিব ।
নামঘৰটোৰ সন্মুখ পাই সি অলপ ৰ'ল । গাটো খুউব অৱশ লাগিছে । বুকুখন ধান বনাদি বানিছে । দৌৰি অহাৰ বাবেও হব পাৰে- সি ভাৱিলে । ভৰি দুখনোচোন কিবা জঠৰ হৈ অহাৰ দৰে লাগিছে । চাংখনতে বহি পৰিল সি ।
হঠাৎ বমি হ'ল তাৰ ।
এন্ধাৰ হলেও আমৰ পাতৰ ফাঁকেৰে অহা জোনৰ ছয়াময়া পোহৰত স্পষ্টকৈ দেখিলে সি- তেজ ! হায় বিধি ! শুদা তেজ কিয় বা ওলাইছে ! কতো খুন্দাওতো খোৱা নাই । কি হৈছে ভালকৈ ভাবিবৰ নহলেই- হোলোকা-হোলোকে তেজৰ নদী বাহিৰ হ'ল তাৰ মুখেৰে । তাৰ অনুভৱ হ'ল- চকুৰে ধোঁৱাকোৱা দেখিছে সি । চাগৈ মূৰটো সাংঘাতিক ঘূৰিছে । সি চিঞৰিবৰ যত্ন কৰিলে- মা ! পিছে নাই নোৱাৰিলে । নিজৰেই তেজৰ ডোঙাত ধাচকৈ পৰি গ'ল । আমজোপাৰ ডাল এটাত সি দেখিলে- ক'লা ফেঁচা এটাই ভয়লগা চকু দুটাৰে তাৰ ফালে থৰ লাগি চাই আছে । তাৰ কণ্ঠত বাজি আছে মৃত্যুৰ গান-নিউ নিউ ।
সি কল্পনা কৰিলে এজাক আপোনৰ বিননি, তাৰ জঠৰ কাণ দুখনত যেন আচৰিতভাৱে বাজি থাকিল সেই চিৰচৰ্চিত গতানুগতিক শব্দকেইটা- ল'ৰাটো বৰ ভাল আছিল ।
হঠাৎ মনত পৰিল তাৰ, সনাতন ডাক্তৰে দুসপ্তাহমান আগতে কোৱা কথাষাৰ- ‘তোমাৰ গাটো আগতকৈ বহুত ক্ষীণ দেখিছোঁ বাপু । তেজ পৰীক্ষা কৰাই লবাচোন । ঈশ্বৰে নকৰক, এয়া বেয়া অসুখৰ লক্ষণো হ'ব পাৰে । আগতেই সাৱধান হোৱাটো ভাল দিয়াচোন ।’ ডাঙৰ হৈ অহা মুৰ্গী দুটা বেচি টকা পাঁচশমান পালে দুই এদিনতে বেমাৰটো দেখুৱাবলৈ যাব বুলি সিও ভাৱি থৈছিল ।
(সমাপ্ত)


-----------------------------------------------------------------------
▶️ You can also read :

  🔶 Depressed Soul 

🔶 আপোনাৰ কবিতা আমালৈ পঠিয়াওক আৰু লাভ কৰক কিছু আকৰ্ষণীয় উপহাৰৰ‌ সুযোগ।


•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।

(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)

No comments