Twilight Of Poem

কিছুমান স্মৃতিয়ে আজিও আমনি কৰে।



কিছুমান স্মৃতিয়ে আজিও আমনি কৰে।

কিছুমান স্মৃতিয়ে আজিও আমনি কৰে।
অকলশৰীয়া মনত আজিও
তোমাৰ প্ৰেমৰ জোৱাৰ উঠে।
চকুৰ আঁতৰ হলে
মনৰ ও আঁতৰ হোৱা শুনিছিলোঁ।
কিন্তু আজি হেজাৰ মাইল দূৰত থাকিও
মনৰ মাজত অকল তোমাৰেই ছবি।
তোমাৰ স্মৃতি, তোমাৰ ভালপোৱা,
আজিও মনৰ দুৱাৰত
কলা ডাৱৰৰ দৰে আগভেঁটি আছে।
শুনিছিলোঁ সময়ৰ আঁৰত
সকলো দাগ মচি যায়।
কিন্তু তুমি মৰমত ভাঙি থৈ যোৱা হৃদয়,
আজিও দেখোন যোৰ লগাব পৰা নাই।
মনত পৰেনে তোমাৰ ?
প্ৰতিটো বসন্ততে কৰা সেই প্ৰতিশ্ৰুতি,
হৈ থাকিম চিৰ জনমৰ লগৰী!
তুমি দেখোন কৈছিল
তোমাৰ হৃদয়ত থকা মোৰ ছবি খন 
কোনেও মচিব নোৱাৰে!
কিন্তু আজি দেখোন তাতে 
মোৰ ছবি সলনি হৈ 
অইন কোনোবাৰ ঘৰ হল।
জীৱনৰ বাটত তোমাক দেখোন
সঁচাকৈয়ে হেৰাই দিলোঁ।
মন যায়নে তোমাৰ আকৌ ঘূৰি আহিব
জীৱনৰ সেই পুৰণি বাটত
আকৌ এবাৰ কিছু নস্টালজিক 
সময় পাৰ কৰিব!
হয়! তুমি দেখোন কৈছিলা
আকৌ এবাৰ সেই স্মৃতিবোৰ 
চিৰ যুগমীয়া কৰাৰ কথা।
কিন্তু এতিয়া যে আৰু মোৰ শক্তি নাই
তোমাক আকৌ বিশ্বাস কৰাৰ।
সেইবাবেই কৈছিলো...
প্ৰেয়সী তুমি ঘূৰি নাহিবা।

লেখক:
মিলীক আহমেদ।

(All rights reserved by the author. Copying is strictly prohibited)

No comments