Twilight Of Poem

দৰিদ্ৰ | দৰিদ্ৰতাৰ কবিতা। সন্দিপ কুমাৰ তালুকদাৰ | twilight of poem

দৰিদ্ৰ : twilight of poem

দৰিদ্ৰ

-সন্দিপ কুমাৰ তালুকদাৰ


বহুতৰ জেপত বহুত টকা দেখিলোঁ
বহুতৰ ডাঙৰ ডাঙৰ অট্টালিকা দেখিলোঁ
তেওঁলোকৰ মাজত বিচাৰি নাপালোঁ যদি
মাথোঁ এটা উদাৰ হিয়া
তেওঁলোকে অকল জব্দ কৰিব জানে
আনৰ হাঁহি ৰূপী সম্পত্তি
তেওঁলোক সঁচাকৈ জানো ধনী?

যোৱাকালি দুপৰিয়াই খাইছিলে এসাঁজ সি
তাকো জানে আধা-পেট কৰি
পেটৰ ভোকত শৈশৱৰ গৰিমা পাহৰি
জীৱন যুদ্ধৰ সংগ্ৰামত ওলাইছে সি
যেতিয়া খাবলৈ পালে এসাঁজ ভালদৰে
সি ভাবিলে তাতকৈও বেছি ভোকত কোনোবা থাকিব পাৰে
সেইহে সি দান কৰিলে

সত্যৰ সদায় জয়
দান কৰিলে বোলে পূণ্য হৈ
কিন্তু পুণ্যৰ মাত্ৰা তাৰ বাবে নিশ্চয় বেছি
জোনে নিজেই এজন দৰিদ্ৰ হৈ
দান কৰিছে কাৰোবাক হাঁহি
------------------------------------------------------------------------------------------------------------

▶️ You can also read : 🔶Homeless

                       🔶CLOTHES.. they say, talk a lot

                                           🔶The Begger

-

🔶Raise your voice on POVERTY. Share your writings with us. 



•Please give your Valuable feedback on the comment box. Tell us what you feel about the Women Harrassment in our society, share your thoughts and Suggest us a way to cope up with the situation.

(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)

2 comments: