তুমি মোৰ জীৱন অভিনয়ৰ নায়িকা | ৰাজু চৰাইদেউ | অসমীয়া কবিতা | Twilight Of Poem
তুমি মোৰ জীৱন অভিনয়ৰ নায়িকা!
- ৰাজু চৰাইদেউ
ৰামধেনুৰ সাতোটা ৰঙেৰে ৰাঙলী
তোমাৰ লাহি দেহা
প্ৰকৃতিৰ সেউজীয়া অনুভূতিৰে ভৰা
তোমাৰ মনোৰম হিয়া।
পৰ্বতৰ দৰে উচ্চ
তোমাৰ মনৰ আকাংক্ষা
সাগৰৰ দৰে বিশাল, গভীৰ
তোমাৰ চিন্তাধাৰা
দেখাত ধুনীয়া তুমি, সুন্দৰ দুওঠৰ ভাষা
হাঁহিটিও মৰমলগা
তুমিয়েই মোৰ জীৱন অভিনয়ৰ
উপযুক্ত নায়িকা।
আকাশৰ উজ্জ্বল তৰবোৰৰ সতে
হাঁহি- ধেমালিৰে তিৰবিৰাই থকা অতি মৰমৰ
মোৰ মন আকাশৰ জোন তুমি।
ক'ব খোজো তোমাক মোৰ মনৰ বতৰা
সাঁচি ৰখা মৰমবোৰ যাচোঁ হৃদয়ৰ পৰা
তোমাক এৰিব নোৱাৰো মই এতিয়া
হৃদয়ৰ দলিলত প্ৰেমৰ প্ৰতিশ্ৰুতি স্বাক্ষৰ কৰা হ'ল
তুমিয়েই মোৰ জীৱন অভিনয়ৰ নায়িকা
তোমাৰ বাবেই মাথো তোমাৰ কথা ভাবি
কৰিছোঁ মোৰ জীৱনৰ পৰিকল্পনা
তুমি মোৰ, কেৱল মোৰ
তোমাৰ অবিহনে মোৰ জীৱন হব এক যাতনা।
-------------------------------------------------------------------------------
▶️ You can also read : 🔶Homeless
Twilight Of Broken Heart | Milik Ahmed
Checkout this Latest Poetry Book by Milik Ahmed,
A collection of Poetries explaining the Pain of a Man's heart.
You can buy Twilight Of Broken Heart from the following Stores:
Amazon : Twilight Of Broken Heart
Flipkart : Twilight Of Broken Heart
Notion Press: Twilight Of Broken Heart
|



Post a Comment