নাৰীত্ব:: এক জেহাদ!
![]()  | 
| নাৰীত্ব:: এক জেহাদ! :: Twilightofpoem.in | 
নাৰীত্ব:: এক জেহাদ
✍ উৎপল শিৱম
সেইদিনাই ....
পুৰুষতান্ত্ৰিকতাৰ দাসত্ব...
চিগি ভাগি চূচুমৈ কিয় নকৰিলি?
ৰজ:স্বলা পাঞ্চালীক..
যিদিনা কেশত ধৰি
ৰাজসভালৈ চুচৰাই আনিছিল...?
মহাৰথী,সপ্তৰথী,পিতামহৰ....
বীৰত্ব ___
কুলগুৰু দ্ৰুোণাচাৰ্যৰ দিব্যত্ব...
অবলা নাৰীৰ লাঞ্চনা দেখি....
নুপুংশকৰ দৰে নিতাল মাৰিছিল!
এক দুই নহয়; পঞ্চ পতিৰ...
পুৰুষত্ব; 
গাণ্ডীৱৰ বিক্ৰম....
ভৃগধৰনৰ বজ্ৰ কঠোৰতা....
যুধিস্থিৰৰ ধৰ্মধ্বজা....
খেলনাৰ দৰে উলমি ৰৈছিল___?
এপদ দুপদকৈ নগ্নপ্ৰায় নাৰীত্ব....
আৰু সন্মূখত অধোবদন
ভূবনবিজয়ী বীৰৰ সমদল!
সেইদিনাই পুৰুষতান্ত্ৰিকতাৰ জেহাদ
কিয় নানিলি?
যিদিনা সতীত্বৰ তপস্বিনী,
সগৰ্ভা জনকনন্দিনীক...
পুৰুষত্বৰ অহংকাৰত মদমত্ত__ ৰামচন্দ্ৰই....
অৰণ্যত নিক্ষেপ কৰিছিল..?
সিদিনাই চিগিব লাগিছিল পৰাধীনতাৰ তাম্ৰ শিকলি ...!
বঞ্চিতা উৰ্মিলাৰ...
অশ্ৰুবন্যা...
যিদিনা মাটিত চিটিকি পৰিছিল!
চাবুকৰ কোবত ৰক্তাক্ত হোৱা জেৰেঙাৰ ......
সেইদিনাই শপত নললি কিয়?
যিদিনা  জয়মতীৰ সুকোমল শৰীৰ.....
পুৰুষতন্ত্ৰৰ বেত্ৰাঘাটত
তেজৰে তুমৰলি হৈ ডোঙা বান্ধিছিল....!
পুৰুষ তান্ত্ৰিকতাৰ বিভৎসতাত....!
যুগে যুগে নগ্ন হয় নাৰীত্ব,
যৌতুকীয়া পাৰ্থিব চৰ্তত....
নাৰীক উপহাৰ দিয়া হয় পংগুত্ব!
ষোড়শী নাৰীৰ বৈধব্যত
গুজি দিয়া হয় শুকুলা বস্ত্ৰ....
আৰু বৃদ্ধ পত্নিহীণ পুৰুষে ৰচে....
নব দাম্পত্যৰ মধুচন্দ্ৰিকাৰ স্বপ্ন!
অবলা দূৰ্বলা বুলি....
আৰু কিমান পুতৌ সহিবি?
সহানুভূতিৰ জীৱন যে মৃত্যুতকৈও তিক্ত ......!
সেইকথা কেতিয়া বুজিবি?
পুৰুষত্বৰ যৌনতাত....
নেফানেফ হয় নৱজাতিকা শিশু...
ফুট গধূলিতে তিনিআলিৰ মূৰত ৰৈ থাকে...
এজাক চিকাৰী কুকুৰ!
   আৰু.....
নগ্ন নাৰীৰ ধৰ্ষিত দেহ...
চিটিকি পৰে ৰাজপথত
অথবা,পৰিত্যক্ত ৰেলৰ ডবাৰ বুকুত....!
অদ্যপি ....
নাৰী হেনো _____
অৰ্ধআকাশ...
 শক্তিৰূপা____
মাতৃ স্বৰূপা___
উপমাৰে প্ৰবঞ্চনাৰ কি যে কাৰাচাজী!
সেইদিনাই পুৰুষতান্ত্ৰিকতাক....
ধুলিসাৎ কৰিব লাগিছিল...
যিদিনা পুৰুষে হেৰেম ৰচিছিল 
আৰু......
নাৰীক বোৰ্খাৰ মেৰ বান্ধি
সতীত্ব নিগাজী কৰিছিল।
  ইতিহাসৰ পাতে পাতে...
লাঞ্চিত নাৰীৰ অতৃপ্ত আত্মাই...
বুকুত ভুকুৱাই চিঞৰি কান্দে!
লাঞ্চিত ,দলিত,ধৰ্ষিত
গলিত মৃতদেহ...
কলঙৰ বুকুৱেদি উজাই আহে...।
   পৰুষতান্ত্ৰিকতাৰ কি চৰম স্বেচ্ছাচাৰিতা...!!
 পাশাৰ পণ ৰাখে নাৰীত্ব....
আৰু আজীৱন দিয়ে.....
সমাজক দোহাই দি চৰম বন্দিত্ব!
সেই পুৰুষতান্ত্ৰিকতাৰ...
জেহাদ ঘোষণা কৰ....
নহলে যুগে যুগে জনম হব_____
দু:শাসন অথবা.....
ৰামচন্দ্ৰ!
    নাৰীত্ব এক অধিকাৰ....
     মু্ষ্টিবদ্ধ দুহাতেৰে   
       বজ্ৰনিনাদ   কৰ__
        নাৰীত্ব__ এক দুৰ্বাৰ সত্বা....
       গগন বিস্তাৰি___
             জেহাদ ঘোষণা কৰ!


Post a Comment