Twilight Of Poem

মোৰ প্ৰিয় বান্ধৱী; পিংকি | Twilight Of Poem


Pinky | Twilight Of Poem

মোৰ প্ৰিয় বান্ধৱী; পিংকি!

নীসংগতাৰ বেদনাত আবদ্ধ হৈ
লগ পাইছিলো সিদিনা তোমাক
ইণ্টাৰনেটৰ অবাস্ত্ববিক পৃথিৱীত।

খন্তেকিয়া কিছু কথা, তুমি মই আৰু নীৰৱতা,
ভাল লাগিছিল বহুত!
প্ৰথমবাৰতে‌ বহুত দিনৰ চিনাকি যেন লাগিছিলে,
লাগিছিল বহু আপোন!

দোভাগ ৰাতিত কৰা হেই মেচেজবোৰ,
আজিও বুকুৰ কোমল পাতত
সতেজ হৈ আছে ৰৈ।
অশ্ৰুৰ সতে বৈ অহা, 
তোমাৰ হৃদয়ৰ বন্ধ কোঠাত
আবদ্ধ হৈ থকা বেদনাৰ বিষ;
বৈ আহিছিল নদীৰ সোতৰ দৰে
তোমাৰ আৱেগ।

প্ৰতিটো মেচেজে, খুন্দিয়াইছিল মোৰ বুকু,
বেদনা লিপ্ত তোমাৰ দুখ!
প্ৰেৰণা দিছিল মোক,
প্ৰেৰণা দিছিল মোক আকৌ এবাৰ থিয় দিবলৈ;
সমাজৰ হৈতে আকৌ যুদ্ধ কৰিব।

বেদনাৰ সাগৰ বুকুত লৈ
তুমি প্ৰতিদিনে কৰি যোৱা যুদ্ধ,
তোমাৰ আবেগৰ হতে খেলা প্ৰতি ক্ষন;
মই ব্যক্ত কৰিব নোৱাৰা অনুভৱ!
জানা বান্ধৱী? 
তুমি সঁচাই বৰ সাহসী, বীৰত্বৰ এক অন্যতম ৰূপ।

ৰূপ! ৰূপৰ কথা কলে....
মাত্ৰ এটা কথাই কব পাৰি,
ভগৱানৰ এক অন্যতম সৃষ্টি তুমি।

তোমাৰ হেই ধুনীয়া কাজল সনা চকুযোৰিত,
কলা ৰঙৰ চস্মাযোৰ, সঁচাই বৰ ধুনীয়া লগে।
মোৰ মৰম লগা বান্ধৱী, পিংকী তুমি সঁচাই বৰ মৰমলগা।

উঠত ৰঙা লিপষ্টিক, মেল খোৱা চুলি;
আৰু লাহেকৈ কপালেদি নামি আহি
তোমাৰ কোমল ধুনীয়া গালত পৰা চুলিকোচা;
মা কসম! সৰগৰ অপেশ্বৰি যেন লাগে।

দূৰত থকা মোৰ প্ৰিয় বান্ধৱী, পিংকি!
মনৰ আঁতৰ কেতিয়াও নকৰিবা মোক!
মই ভাগ্যবান আজি;
তোমাৰ বন্ধুত্বৰ সুবাস পাই।

------------------------------------------https://dl.flipkart.com/dl/twilight-broken-heart/p/itmaaf7cf56626c1?pid=9781648283130&cmpid=product.share.pp
------------------------------------------

🔶Our Give away Program | Click here


🔶 You can Share your writings with us. (Link below)

(Stay tuned for the latest updates. Visit our website for more updates of Poems and Short Stories)


Please comment how much you like it and let us know if you are happy with our Poetry
😊 

(Copyright reserved by the author. Copying or remaking without proper permission is strictly prohibited.)

▶️Submit your writings here

Please share and comment and keep motivating me❤

No comments