ভাইৰেল প্ৰপজেল | উৎপল শিৱম | অসমীয়া ৰোমাণ্টিক কবিতা | Twilight Of Poem
ভাইৰেল প্ৰপজেল
-উৎপল শিৱম
ঐ ছোৱালী ইণ্টাৰনেটত ভাইৰেল হৈ যোৱাকৈ ভাল পাব পাৰো তোক...
মোবাইল টাৱাৰত উঠি আকাশ কঁপাকৈ সুধিব পাৰো...
ভাল পাৱনে নাপাৱ মোক?
প্ৰতিধ্বনি হওঁক বা নহওঁক মোৰ মাত বলিউদৰ চিনেমাৰ দৰে পাহাৰত ঠেকা পায়...
কৰিব পাৰিম খুল্লমখুল্লা প্যাৰ কা এইলান...
মুখ লুকুৱালে লুকুৱাবি, লাজত খুন্দা খায়!
নব্বৈ দশকৰ হিৰোৰ দৰে চকলেটি প্ৰপজেল দিম তোক...
গান বা গোলাপৰ কলি...
ওঁঠত কামুৰি ..
আঠু কাঢ়ি কম...
"will you be mine?"
আউটডেটেড লাগিছে নেকি এইটো ফেশ্যন?
তেন্তে ঠিক আছে.... তোৰ ঘৰৰ কাচত শিল দলিয়াম মাজ ৰাতি চিঞৰিম নে...
ঘৰত গৈ Face to face লগ কৰিম?
ভাইৰেল হব পৰাকৈ কিবা এটাটো অগতানুগতিক কৰিব লাগিব....
তইয়েই জানো কোৱা নাছিলি...?
তোৰ প্ৰেম হব লাগিব ব্যতিক্ৰমী....
প্ৰেমিক হব লাগিব পাগল অভিমানী...!
তোৰ হেনো ভাইৰেল হোৱা খুব চখ...
মাজৰাস্তাত তোক ওঁঠত ওঁঠ গুজি লাইভ কৰিব পাৰো মই...
জনাকীৰ্ণ ৰাজপথত আগভেটি উঠাই আনিব পাৰো মই...
কিন্তু তোৰ ইজ্জতৰ খাতিৰত তলা লগাই বান্ধি থৈছো উন্মাদনাবোৰ.....!
অত্যাধুনিক পোচাকৰ আঁৰৰ তোৰ বিলাসী কলিজাটো....
বহুতৰ বাবে পকা সুমথিৰা..
এই চিগো এই চিগো বুলি সঘন আবদাৰ....;
সিহঁত ফল খোৱা বাদুলি....
আৰু মই তোৰ বাগিচাৰ টাঙুনঢাৰি চকীদাৰ!
অডি , মাৰ্চেডিচত উঠাই বা ডায়মণ্ডৰ ৰিং পিন্ধাই..
দিব নোৱাৰো তোক প্ৰেমৰ উপহাৰ!
সম্পদ বুলিবলৈটো কলিজাখনেইহে আছে...
এবাৰ মাথো সঁহাৰি দি চা মোক..
Trust me..! খোদা কসম...!!
ইণ্টাৰনেটত ভাইৰেল হৈ যোৱাকৈ ভাল পাই পেলাম তোক!
-------------------------------------------------------------------
🔶The Hookup Tradition
________________________________________
![]() |
| Twilight Of Broken Heart | Milik Ahmed Checkout this Latest Poetry Book by Milik Ahmed, A collection of Poetries explaining the Pain of a Man's heart.
You can buy Twilight Of Broken Heart from the following Stores:
Amazon : Twilight Of Broken Heart
Flipkart : Twilight Of Broken Heart
Notion Press: Twilight Of Broken Heart
--------------------------------------------------------------------------- |
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)


Post a Comment