প্ৰনয়াকাংশী | আধুনিক অসমীয়া কবিতা । নীহাৰিকা শইকীয়া | Twilight Of Poem
![]() |
| প্ৰনয়াকাংশী | Twilight Of Poem |
প্ৰনয়াকাংশী
✍🏼নীহাৰিকা শইকীয়া
প্ৰগলভা বুলিও ক’ব পাৰা,তথাপিও মই তোমাৰ প্ৰনয়াকাংশী,
মই তোমাৰ কবিতাৰ প্ৰেয়সী,
নাজানো মই প্ৰেম পুৰাণ
তথা প্ৰেমৰ অবৈধ ভাষা,
সচা মৰম এসোপামান
বুকুত সাচি দুৱৰিৰ
দলিচা পাৰি মই সদায়
বাট চাও তুমি অহাৰ প্ৰত্যাশাৰে…
দুচকুত তোমাক লগ পোৱাৰ ভূগোল,
বলিয়াৰ দৰে তোমাৰ প্ৰফাইল খুচৰো…
তোমাৰ ফটোৰে বৰ্দ্ধিত
মোৰ ম’বাইলৰ Display…
হৃদয়ৰ দুৱাৰখন খুলি দিবা,
বৈ যাম প্ৰেমৰ নিজৰা হৈ,
শান্ত কৰিম তোমাৰ অশান্ত ৰিক্ত উপকুল…
তুমি নায়ক হ’বা আৰু মই,
হিন্দী চিৰিয়েলৰ নায়িকাৰ দৰে
তোমাৰ জীৱন সজাম…
ৰক্তাভ হিয়াৰ ৰক্তিমেৰে
শিৰ ৰঙীন কৰিবলৈ
মই চিৰ প্ৰস্তুত…
তুমি মাথো এবাৰ
“হা” বুলি কোৱা……
শৰৎৰ মধুৰ চন্দ্ৰমাৰ
জ্যোতিৰে আলোকিত হওক
তোমাৰ অনাগত ভৱিষ্যত,
মই তোমাৰ চিৰ হিতৈষীণী৷
-----------------------------------------------------------------------
🔶 আপোনাৰ কবিতা আমালৈ পঠিয়াওক আৰু লাভ কৰক কিছু আকৰ্ষণীয় উপহাৰৰ সুযোগ।
•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)


Post a Comment