দেউতা | নিলাভ দিগন্ত | অসমীয়া কবিতা | Twilight Of Poem
দেউতা
-নীলাভ দিগন্ত
বহেমিয়ান সুৰত সেই শব্দ ঝংকাৰিত হয়ৰৈ যায় সহস্ৰ পাণ্ডুলিপিত এক ইতিহাস
মোৰ বুকুৰ ইপাৰ সিপাৰ ভেদি যায়
সেই শব্দৰ প্ৰতিটো বৰ্ণই
তেজৰ প্ৰতি ৰন্ধ্ৰত সদা বিদ্যামান
সেই স্পৰ্শৰ মায়াবী উত্তাপ
সীমাহীন গভীৰতাৰ শেষ নিৰৱতাত
স্পষ্ট হৈ ৰয় সেই সত্তাৰ আকুলতা
সেই শব্দত চাকনৈয়াত বিলীন হয়
অনুভৱী মনৰ প্ৰতিটো উশাহ
কলম থমকি ৰয়, ৰৈ যায় উচ্চাৰণ
বাট সলাই মনৰ হেজাৰটা সপোনে
বিচ্ছেদৰ নদীত জলকেলি কৰে
আজি ওঠঁৰ বছৰে একেৰাহে
উভতি নহাৰ প্ৰতিশ্ৰুতিৰে
গুচি যায় কোনোবা অজান দেশলৈ
সেই নিশব্দ শব্দ "দেউতা "...
▶️ You can also read : 🔶Homeless
🔶 আপোনাৰ কবিতা আমালৈ পঠাওক।
•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)                


Post a Comment