আচুতীয়া সপোনে | অসমীয়া ৰোমাণ্টিক কবিতা । নীলাভ দিগন্ত | twilight of poem
![]()  | 
| twilight of poem | 
আচুতীয়া সপোনে!
-নীলাভ দিগন্ত
এজন প্ৰেমিকৰ আকঁ-বাকঁ
প্ৰিয়তমা আধুনিকা বৰঠাকুৰলৈ 
জীৱন তৃষ্ণা কি জানা তুমি 
মৰমবোৰ কেকটাজোপাৰ দৰেই 
হেঁপাহেৰে কাষলৈ গৈয়ো থমকিব লাগে 
এই যে মৰম, এই যে বিষাদ 
তাৰ মাজতে যে হেৰাল অৱসাদ 
ভালপোৱাৰ জানো এটাই সমীকৰণ 
তাৰ মাজতে ক'ত যে অসমাপিকা 
এক, দুই কৈ ইমান যে চৰ্ত প্ৰযোজ্য 
জীৱনটো কেনভাচতে আৱদ্ধ 
কেতিয়াবা মূৰ্ত, কেতিয়াবা জীৱন্ত 
সৰাপাতৰো ৰং থাকে হেনো 
শেৱালীৰেই ঋতু বন্দনা নহ'বও পাৰে 
মনৰ কেনভাচত আঁকি থকা সপোনটো 
আজি সি থুনুক থানাককৈ গতি ল'লে।
🔶 আপোনাৰ কবিতা আমালৈ পঠাওক।
•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)


Post a Comment