তেওঁৰ সান্নিধ্য!
তেওঁৰ সান্নিধ্য
- নীলাভ দিগন্ত
শব্দবোৰ কঠিন হৈ পৰে কেতিয়াবা
হৃদয়ত কিন্তু সেই একেই কোমলতা
কেতিয়াবা দুচকুৰ চাওঁনিৰ পম খেদি যাওঁ
দেখা পাওঁ এখন বহল মনৰ স্নেহভৰা আকাশ
এটা দুটাকৈ সহস্ৰ মিছাৰে নিজক আশ্ৰয় দিলেও
তেওঁ আবিষ্কাৰ কৰে প্ৰকৃত সত্যৰ সত্বা
এই মৰম, ভাললগা শব্দবোৰৰ শিকাৰু
জীৱনৰ প্ৰতিটো অনুশীলনৰ প্ৰশিক্ষক
যান্ত্ৰনাৰ শেষ সান্তনাৰ উৎসস্বৰূপ তেওঁ
মোৰ প্ৰতিটো সপোনে বাস্তৱ হৈ জীয়াই
তেওঁৰ ৰোৱা সেই বটবৃক্ষৰ ছাঁত
আজিও, কালিও আৰু যুগ যুগান্তৰলৈ
সেয়াই মোৰ পূজনীয়া মা, জীৱন সুৰৰ অমিয়া মূর্ছনা ।
হৃদয়ত কিন্তু সেই একেই কোমলতা
কেতিয়াবা দুচকুৰ চাওঁনিৰ পম খেদি যাওঁ
দেখা পাওঁ এখন বহল মনৰ স্নেহভৰা আকাশ
এটা দুটাকৈ সহস্ৰ মিছাৰে নিজক আশ্ৰয় দিলেও
তেওঁ আবিষ্কাৰ কৰে প্ৰকৃত সত্যৰ সত্বা
এই মৰম, ভাললগা শব্দবোৰৰ শিকাৰু
জীৱনৰ প্ৰতিটো অনুশীলনৰ প্ৰশিক্ষক
যান্ত্ৰনাৰ শেষ সান্তনাৰ উৎসস্বৰূপ তেওঁ
মোৰ প্ৰতিটো সপোনে বাস্তৱ হৈ জীয়াই
তেওঁৰ ৰোৱা সেই বটবৃক্ষৰ ছাঁত
আজিও, কালিও আৰু যুগ যুগান্তৰলৈ
সেয়াই মোৰ পূজনীয়া মা, জীৱন সুৰৰ অমিয়া মূর্ছনা ।


Post a Comment