Twilight Of Poem

মাথো কিছু ক্ষন ৰৈ যোৱা।


মাথো কিছু ক্ষন ৰৈ যোৱা।

মাথো কিছু ক্ষন ৰৈ যোৱা।
আকৌ এবাৰ তোমাৰ কোলাত 
মূৰটো ৰাখি জিৰাব মন গৈছে।
আকৌ এবাৰ এই ভাগৰুৱা মনে
কিছু ক্ষনৰ বাবে শান্তিৰ সোৱাদ 
উপভোগ কৰিব বিচাৰিছে।
মাথো কিছু ক্ষন ৰৈ যোৱা।
আকৌ এবাৰ মনে মোৰ
তোমাক কাষৰ পৰা 
হেপাহ পুৰাই চাব বিচাৰিছে।
মৰম কাক কয়, 
সেয়া উপলদ্ধি কৰিব বিচাৰিছে।
ৰৈ যোৱানা প্ৰিয়তমা
মাথো কিছু ক্ষনৰ বাবে।

লেখক:
মিলীক আহমেদ।

(All rights reserved by the author. Copying is strictly prohibited)

No comments