Twilight Of Poem

কঁপনি



কঁপনি!

-দ্বীপজ্যোতি মেধি

(১)
নদীয়ে সাগৰক ভেঙুচালি কৰা বতৰতে
বৰষুণজাকে মহতিয়াই নিলে এজনী ৰূপহী,
মল্লযুঁজত পৰ্বতৰ হাতত পাহাৰ হাৰিল,
জোনৰ মাজত থাকি গ'ল তিনিটা শিল ।
(২)
যন্ত্ৰণাই কোঙা কৰিলে আৱেগ জিকে
পাহাৰৰ সিপাৰে তেজাল বেলি শুই পৰে,
কান্দোনে বিবেকৰ চুলি চিঙে,
সিহঁতৰ চুলিয়াচুলিত
মৰম আকলুৱা পখীজনী মূর্ছা যায়,
মুখ ঢাকি উচুপি উঠে
তিলক তাল কৰা দৰ্শক ।
(৩)
পগলা অতীতৰ উখহা গালতে
শালমইনাৰ ৰাসলীলা চলে,
সাপৰ পেটত নেউল হজম হৈ যায়
চুটি হৈ আহে অঁকৰা জোনাকৰ উশাহ,
ধাৰত পোত গৈ মৰে বহাগৰ উলাহ ।
(৪)
তিনিপাহ শেৱালি ফুলা পলত
মিঠাতেলৰ ভৰষাত ফোঁপাই আছে এটা চাকি,
তাক ভালপোৱাৰ ধূপ এগছি লাগে
আৰু এমুঠি ফাকু ।
---------------------------------------------------

1 comment:

  1. ইমান ধুনীয়া অনুভৱ। ভাল লাগিল

    ReplyDelete