শোকৰ মধুচন্দ্ৰিকা
🏠 শোকৰ মধুচন্দ্ৰিকা
=======
✍ উৎপল শিৱম
অ সৰুকণৰ মাক...সাৰে আছ যদি এষাৰ কথা শুনচোন....
মনত আছে নে তোক ন-কইনাৰ সাজেৰে যে...
আদৰি সাদৰি আইয়ে...
বৰঘৰত সুমুৱাইছিল!
তোকটো সেইদিনা কম ধুনীয়া লগা নাছিল!!
আজিও ট ট কে জিলিকি থাকে...
পুৱানিশাৰ ন-সাজেৰে তোৰ মুখখন!
ঘৰটো তেতিয়া মোৰ এচলীয়া চালি আছিল...
এতিয়া পকাৰ দালান হ'ল..!
সকলো সলনি হ'ল....
ভেটি কিন্তু এইটোৱেই আছিল!
মই যে হাল বাই আহি পিৰালিতে বহি তই দিয়া পানী ঘটি ....
ঘট ঘটাই পী খাওঁ!
ফিকা চাহটোপা তই যতনাই দিয়া...
লোৱাৰ চলেৰে তোৰ হাতখন চুই চাওঁ!
লাজত গোটেইজনী ৰঙা বেলিটো হোৱাদি হওঁৱ...!
তই যদি লাৱনী আছিলি...
মইও নাচিলো কম পাহুৱাল!
এতিয়া পিৰালিৰ ঠাইকণত কংক্ৰীটৰ বেৰা হ'ল...;
সকলো সলনি হ'ল...
ভেটি কিন্তু এইটোৱেই আছিল!
কঙালীৰ দুখবোৰৰ দিনত...
লঘোণীয়া পেটেৰে বুকুত সোমাই মোৰ...
টোপনি যোৱা কথা মনত পৰেনে?
সেইয়া সৰুকণৰ জন্মৰ পাছৰ কথা...
তাক যে ভোক লাগে বুলি..
উৰে ৰাতি গাখীৰ খোৱাই থাক উপবাসী বুকুৰে...!
আজিও মনত পৰি হাহাকাৰ কৰে দুখৰ সেই ৰাতিবোৰৰ কথা,
তোৰ হাঁহি হাঁহি সান্ত্বনা দিয়া..
মুখখনিৰ লুকুৱাই থোৱা ভোকৰ গাঁথা....!
এতিয়া সৰুকণৰ কুকুৰ পোহা কোঠাটোৱেইটো আমাৰ শোৱণি কোঠা আছিল....!
সকলো সলনি হ'ল...
ভেটি কিন্তু এইটোৱেই আছিল!
ভাবিলে বুকু ঢৰফৰ কৰে অ সৰুকণৰ মাক....!
আজি যে শেষ নিশা..
চিনাকী ভেটিত আমাৰ!
বাগৰি বাগৰি মজিয়াখনতে চুমা খাব মন যায়...
তেজ মাংস পানী কৰি...
গঢ়ি তোলা ভেটিটোতেই...
তিতালাও হৈ গজি ৰব মন যায়!
ন-কইনাৰ সাজযোৰ তোৰ পেৰাত পাৱ নেকি খুচৰি চাবি...
যদি নফলা নিচিৰাকৈ আছে...
সেইযোৰকে কাইলৈ পিন্ধি লবি;
যি সাজে তোক আদৰি আনিলো...
সহধৰ্ম্মিণী কৰি...
কালিলৈ সোঁতোৰা পৰা দেহাত তোৰ..
সেই সাজ পিন্ধাই লৈ যাম...
বৃদ্ধাশ্ৰমলৈ বুলি!
সৰুকণে অথনিতে সকীয়াই দিয়া নুশুনিলিনে?
কাউৰী-পুৱাই উঠি উলাব লাগিব বুলি..
চিঞৰি কোৱা মন কৰিলিনে?
পুৱাই অহা মিউনিচিপালিটিৰ জাবৰ টনা ট্ৰাকখনতে বোলে....
তই মই যাব লাগিব বৃদ্ধাশ্ৰমলৈ বুলি!
সি বোলে সকলো ঠিক কৰি থৈছে!
তোৰ মোৰ লেতেৰা দেহাই সৰুকণৰ নতুন ঘৰটো হেনো ময়লা কৰিলে....
যেনেদৰে সি সৰুতে ময়লা কৰিছিল তোৰ নতুন সাজবোৰ!
তাক বৰ মানুহ হবলৈ জিলালৈ পথাওঁতে.....
তই বাৰু কমখন হিয়াধুনি কান্দিছিলিনে?
বাৰীৰ কল কুঁহিয়াৰ বেচি...
ৰদৰ তাপত গলি গলি...
চহৰৰ কলেজত মাচুল যোগাওঁতেই....
তই মই দুয়োটা ৰং গুচি...
আপচু হৈ পৰিলো!
নাজানো চহৰত কি শিক্ষা পালে....
কোনখন পাঠ্যপুথিত অমানুষিকতাৰ পাঠ পঢ়িলে....
সৰুকণটো দেখোন সঁচাই ঢুকি নোপোৱা ডাঙৰ মানুহ হৈ পৰিল অ'!
সুখে দুখে অতিবাহিত কৰা.....
তোৰ মোৰ কৌটি-কলীয়া ভেটিটো আজি সেয়ে হয়তু-
আমিএৰিব লগাত পৰিল!
টিঙৰ পেৰাটোতেই মোৰ বৰ চেলেংখন ভৰাই লবি...
আইয়ে জোৰণত দিয়া ফুলাম গামোচাখনি...
বাহিৰতে উলিয়াই থবি!
কাইলৈৰ পৰা তোৰ মোৰ আৰম্ভ হব....
ধৃতৰাষ্ট্ৰৰ বানপ্ৰস্হ!
অ সৰুকণৰ মাক....
যদি সাৰে আছ...
এটিবাৰ বুকুৰ মাজলৈ আহ....!
চিনাকী ভেটিত অন্তিম ৰাতিত...
আলিংগন বদ্ধ হৈ হিয়াধুনি কান্দো..!
সি ভোগ কৰক অমিয়া সুখ...
আমি শেষৰাতিৰ শোকৰ মধুচন্দ্ৰিকা পালন কৰো....!
(সমাপ্ত)


Bohut xundor
ReplyDeleteBohut bhal lagil utpal
ReplyDeleteসুন্দৰ……ককাইটি
ReplyDelete