Twilight Of Poem

বিষাদ!


বিষাদ!

                                 - নিহাৰিকা  শইকীয়া।

            (১)
তোমাক প্ৰথম দেখাৰ দিনাই প্ৰেমত পৰিছিলো তোমাৰ,
তুমি হৈ পৰিছিলা মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ আকাংক্ষা।
            (২)
Facebookৰ উপত্যকাত লগ পোৱা তুমি
আপোন হৈ উঠিছিলা what's appৰ পৃথিৱীত
কাষত নাথাকিও তুমি কাষত থাকিছিলা Google duoৰ দুনিয়াত।
            (৩)
লাহে লাহে বাঢ়ি আহিল দূৰত্ব
Demand, Conditions,
অভিমান, খং-ৰাগ,
সৰু সৰু কথাত অবুজন
এটাৰ ওপৰত এটা মিছা প্ৰতিশ্ৰুতি
           (৪)
বিষাদৰ বৰষুণ আৰু মই,
মাজনিশা গাৰুটোৱেও সুধে,
"কিমান কান্দিবি আৰু?"
জুবিন দাৰ গান শুনি টোপনি
যাবৰ চেষ্টা কৰো,
কিন্তু বিফল হও,
           (৫)
লগৰ বিলাকৰ আগত কথাবোৰ কও,
"আৰে বাদ দে না ভাই" বুলি কৈ
সিহতে কথাবোৰ উৰুৱাই দিয়ে,
            (৬)
শেষত হাৰমানি কবিতাৰ প্ৰেমত পৰো,
পাহি বালৈ মোৰ বেদনা সিক্ত চিঠি লিখো,
হেডফোন ডালত হেমাংগ দা আৰু প্ৰাচুৰ্য দাৰ
কবিতা শুনি শুনি চকুলো তোকো,
আৰু একেবাৰে শেষত ভাৰ্গৱ দাৰ ভাষাৰে মানি লও
"প্ৰতাৰণা, তাৰ জানো ক্ষমা থাকে!
ইয়ো চোন হৃদয় ভঙাৰ এক কলা।"

No comments