আপুনি বিচাৰেনে এটা ব্যতিক্ৰমী কবিতা
![]() |
| (Image Contributed by Ridip Deka) |
আপুনি বিচাৰেনে এটা ব্যতিক্ৰমী কবিতা
-স্বপ্নালী কলিতা
_________________________প্ৰিয় পাঠক,
আপুনি বিচাৰেনে এটা ব্যতিক্ৰমী কবিতা !
বিচাৰেনে শব্দবোৰ বগাই যাওক এজোপা সৰল গছলৈ
গহীন খোজ দি কবিতাৰ শাৰীবোৰে কাৰোবাৰ হালধীয়া কামিজৰ পকেটত সোমাওক
আপুনি বিচাৰেনে এটা ব্যতিক্ৰমী কবিতা !
যাৰ শৰীৰৰ ভাজে ভাজে উপলব্ধ মৌন সহাৰি
য'ত নৈঃশব্দই এজাক পচোৱাৰ ঠিকনা লিখি দিয়ে !
প্ৰিয় পাঠক,
আপুনি হয়তো তেনে এটা কবিতাৰ সন্ধান কৰি আছে,
সন্ধান কৰি আছে বহুতো কবিতাৰ ভিৰ ফালি গৈ বলুকাত বহা আবেলি এটাৰ কবিতা
শব্দৰ বুকুত আউজি এঘুমতি সপোন সৰাব পৰা কবিতা
আপুনি হয়তো বিচাৰিছে অশ্ৰুৰ সমদলে কবিসমাজ পৰিহাৰ কৰাৰ কবিতা
আপুনি চাগে বিচাৰিছে , পাৰমানবিক অস্ত্ৰই যুদ্ধ ভূমি ত্যাগ কৰা কবিতা |
অথবা আপুনি বিচাৰিব পাৰে;
এখন সৰ্পিল নদীয়ে দেহৰ ভাজত
কঢ়িওৱা কবিতা
প্ৰিয় পাঠক,
ক্ষমা কৰিব, এই সময়ত মোৰ এখন ৰুমাল হেৰাইছে,য'ত এটা ব্যতিক্ৰমী কবিতাৰ সমল বন্ধা আছিল |


Post a Comment