মোৰ হিয়াই মাথো তোমাক বিচাৰে
![]()  | 
| (Image Contributed by Ridip Deka) | 
মোৰ হিয়াই মাথো তোমাক বিচাৰে!
-ৰিদিপ ডেকা।
এটি নিমাত নিশা,,,,
সকলো শান্ত এতিয়া,
এই অকলশৰীয়া নিশাৰ দৰে
অকলশৰীয়া মোৰ
বহুতো দুখ -বেদনাত
ভাগি পৰা মন আৰু মই ও ।
তুমি জানা ,
সপোন মই ও দেখিছিলো
সেই আশাহীন সপোনত
পাগলৰ দৰে সাতৰিছিলো ,,,,
হয়তো তেতিয়া ভবা নাছিলো
সময় ও মোৰ লগত নিষ্ঠুৰ হব ।
মনত পৰে নে তোমাৰ,,,
সেই দিনটো,,
যিদিনা এটা অচিন পখিৰ দৰে
মোৰ হৃদয়ৰ কাষ চাপিছিলা
মৰমৰ বাঁহ বিচাৰি,,,
আৰু মই ও তোমাক আঁকোৱালি
লৈছিলো অকলশৰীয়া জীৱনৰ
সংগী ৰূপে,,,,,,
এতিয়া সেইবোৰ
মোৰ বাবে মাথো স্মৃতি,,,
যিয়ে মোক সদায়েই দুখ দিয়ে
সদায় তোমাৰ কথা নাভাবাকৈ
থাকিব খোজো,,,
কিন্তু কি কৰো তুমিয়ে কোৱা
সেই আশাহীন স্মৃতি বোৰে
মোক আজিও আমনি কৰে ।
ইমান দিনেই হল,,,
বিচাৰি নাপালো মোৰ
কোমল হৃদয়ে অজানিতে
কৰা ভুল,,,,
তোমাক ও যে নাপালোঁ,,,
এবাৰ হয়তো কৈ চাব লাগিছিল
মোৰ ভুলৰ কথা,,,,
মাথো এবাৰ ও নাভাবিলা
মোৰ কথা,,,
নুশুনিলা মোৰ হৃদয়ে কন্দা
নিগৰি অহা চকুপানীয়ে
মাথো বাৰে বাৰে সুধিছিল
তুমি এনে কিয় কৰিলা,,,,,
কিয় এৰি থৈ গোলা
অকল দুখ যান্ত্ৰনাত
এটি নিমাত নিশা,,,,
মনত কৰো মাথো
সেই আশাহীন স্মৃতিবোৰ,,,,,
হৃদয়ে অকলশৰে কান্দে
আজি মোৰ কাষত
কোনো নাই,,,
আছে মাথো আশাত
ভাগি পৰা এখন হিয়া ।
এটি নিমাত নিশা,,,,
ইমান দুখ বেদনাৰ পিছতো
মোৰ ভাগি পৰা হিয়াই
মাথো তোমাক বিচাৰে,,,,
কান্দি ভাগৰি পৰা চকুযুৰী এওঁ
মাথো তোমাক বিচাৰে,,,
মাথো তোমাক বিচাৰে ।।


Thank you so much 🙂🙂🙂
ReplyDelete