Twilight Of Poem

ৰৌদ্ৰকামনা

(Image Contributed by Ridip Deka)

ৰৌদ্ৰকামনা!

            -শ্ৰী ভাৰ্গৱ জ্যোতি বুঢ়াগোহাঁই


ৰৌদ্ৰকামনাৰ চোতালত জীণ যোৱা প্ৰেমে 
জোনাকৰ শিপাত আহি জিৰাব ধৰে  ।।
প্ৰহৰৰ পাৰ ভঙা নৈখনিত 
নীৰৱতাৰ নিশাত খনলকনি তোলে ।।
কোলাহল বোৰে যেন বাট বিচাৰি 
ৰ'দালিৰ শিৰেৰে মূৰ তুলি আহে ।।
যৌৱনৰ ভৰ দুপৰীয়াৰ বৰষুণজাক
দূৰৈৰ নাহৰ তলিতে থমকি ৰওঁক ।।
ওচৰ পোৱালৈকে যদি আৱেগবোৰ ধূসৰ হয় !!
হয়তো বিচৰাও নাই ।।
আক্ষেপহীন ৰ'দ চেৰেঙা চিৰকাল নিছিদ্ৰ হৈ ৰওঁক ।।
কবিতাৰ প্ৰেমত পবিত্ৰতাৰ নামেৰে 
কলংক নালাগক ।

No comments