মোৰ মাতৃৰ চিঞৰ|Poem on Assam anti-CAB|Milik Ahmed|Twilight Of Poem
মোৰ মাতৃৰ চিঞৰ!
-মিলিক আহমেদ।
আজি মোৰ মাত্ৰীয়ে কন্দিছে,সহায়ৰ হাত বঢ়াইছে।
চকুৰ আগত ভাষা, সংস্কৃতিৰ মৃত্যু ওচৰ দেখি,
অসহায় বেদনাত চিঞৰিছে।
কেতিয়াও জানো ভাবিছিল, নিজ পুত্ৰই এদিন ইমান প্ৰতাৰণা দিব?
লুভিয়া কুকুৰৰ হৈ, নিজৰ মাতৃকেই কামুৰিব?
ঐ হিমো! তই ইমান নিৰ্দয় কিয়?
কেনেকৈ নিজৰ অসম মাতৃক বেচিব পাৰিছা?
কেনেকৈ হাঁহি মুখে, হৃদয় উজৰি
গতাই দিচা আমাৰ অসম মাতৃক,শত্ৰুৰ হাতত?
নিজ মাতৃৰ চকুত অশ্ৰো দেখি,
দুখ হোৱা নাই নেকি তোৰ?
দুখ হোৱা নাই নে?
নিজ সংস্কৃতি, ভাষাৰ বলিদান দি?
তোৰ দৰে সন্তান জন্ম দি
আজি অসম মাত্ৰিয়ে সঁচাকৈ
নিজক দুৰ্ভগীয়া অনুভৱ কৰিছে।
পাহৰি গলি নেকি,
আমাৰ ককা দেউতাই দিয়া সেই বলিদান?
হেজাৰ হেজাৰ অসমীয়া বীৰে ত্যাগ কৰা জীৱন?
এই কাৰণেই দিছিল নেকি?
এদিন তোৰ দৰে মূৰ্খৰ হাতত নিজ মাতৃৰ বলিদান চাব?
"দেশতকৈ মোমাই ডাঙৰ নহয়"
লাচিতে কোৱা কথাষাৰ পাহৰিলি নেকি?
ঐ লাচিতৰ দেশৰ সন্তান,
হেং দা, ভলুকা লৈ ওলাই আহ!
আজি মোৰ মত্ৰীয়ে কান্দিছে।
আজি ধৰ্মৰ নামত বিভাজিত নহবি!
নকৰিবি আজি নিজ ভাইৰ লগত কাজিয়া।
ওলাই আহ, ৰক্ষা কৰ
আমাৰ জাতি আৰু সংস্কৃতি।
নহলে যে শত্ৰুৰ হাতত আমি পৰাজয় হব লাগিব।
-------------------------------------------------------------------
---
🔶 আপোনাৰ কথা অমালৈ লিখি পঠাওক। নীলা খামৰ চিঠি শিতানত আপোনাৰ আপোনাৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আমাৰ ইমেইলত আপোনাৰ লিখনি পঠাব পাৰে।
---
🔶 আপোনাৰ কথা অমালৈ লিখি পঠাওক। নীলা খামৰ চিঠি শিতানত আপোনাৰ আপোনাৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আমাৰ ইমেইলত আপোনাৰ লিখনি পঠাব পাৰে।
আমাৰ ইমেইল: twilightofpoem@gmail.com
----------------------------------------------------------------------🔶 আপোনাৰ কবিতা আমালৈ পঠিয়াওক আৰু লাভ কৰক কিছু আকৰ্ষণীয় উপহাৰৰ সুযোগ।
•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)



Post a Comment