এবাৰ এনেদৰে প্ৰেমত পৰি চাওঁক | উৎপল শিৱম | নীলা খামৰ চিঠি | Twilight Of Poem
এবাৰ এনেদৰে প্ৰেমত পৰি চাওঁক..
✍উৎপল শিৱম
💕ধৰক, আপোনাৰ কাৰোবাক ভাল লাগিছে; ভাল মানে একপ্ৰকাৰে আপুনি প্ৰেমত পৰিছে তেখেতৰ। কিন্তু এই প্ৰেম হয়তো কিবা কাৰণত এই ধৰক সামাজিক,জাতিগত বা আন আন কাৰণত সৰ্বজন সমৰ্থিত নহয়। আপুনি আপোনাৰ প্ৰেমৰ কথা আপোনাৰ প্ৰেমাস্পদক ব্যক্ত কৰিলে আৰু তেতিয়াই আপোনাক তেখেতে উত্তৰ দিলে যে "যিহেতু আপুনি মোক পোৱাটো সম্ভব নহয় সেয়ে এই প্ৰেম হব নোৱাৰে!"
   আপোনাৰ তেতিয়া কেনে লাগিব? দুখ?খং? নে আন কিবা?তেন্তে কওঁ শুনক আপুনি ভাগ্যবান যে আপুনি সেইজনৰ প্ৰেমৰ পৰা বঞ্চিত হল যি ভাবে প্ৰেম মানেই মিলন।প্ৰেম জানো চৰ্ত? যে আপুনি ভালপাইছে বাবে তেওঁক পাবই লাগিব? তেন্তে সেয়া প্ৰেম নহৈ হবগৈ আপোনাৰ আকংক্ষিতজনক পাবলৈ কৰা এক অভিসন্ধিহে। প্ৰেমৰ সৌন্দৰ্য্যটো তাতেই যত ত্যাগ থাকে বা মিলন নহয় বুলি জানিও এক সৰগীয় বান্ধোনেৰে বান্ধ খায় থাকে। প্ৰেম যেতিয়া হৈ যায় তেতিয়াইটো মিলন হয় -দুখন আত্মাৰ। আৰু তেন্তে কি মিলনৰ বাবে হাবাথুৰি খোৱা প্ৰয়োজন আছে? দেহৰ বা কায়িক মিলনৰ বাবেই নেকি এই হাবাথুৰি? যদি তেনে হয় তেন্তে সেই প্ৰেম স্বাৰ্থপৰতাৰ অন্য নাম!
শ্যামক যি প্ৰেম কৰিছিল মীৰাই বা কাঞ্চন বৰুৱাৰ বহুপথিত উপন্যাস "অসীমত যাৰ হেৰাল সীমা"ত চম্পাই চন্দনক! সেয়া প্ৰেমহে প্ৰকৃতাৰ্থত প্ৰেম। তাত বিষাদ নাথাকে,থাকে ত্যাগী যোগীৰ দৰে অনাবিল মোক্ষ প্ৰাপ্তিৰ মহাজাগতিক সুখ!
প্ৰেম হব পাৰে কনিষ্ঠজনৰ লগত বা অগ্ৰজজনৰ লগত বা শুনিলে উচপ খাই যাব পৰাকৈ বিবাহিত জনৰ লগতো; কিয়নো প্ৰেম এক উদ্দীপনা বা এক অনুভুতি। স্থান কাল পাত্ৰ চাই যদি আপুনি প্ৰেমত পৰিছে তেন্তে সেয়া আপোনাৰ এক পৰিকল্পিত কৃত্ৰিম প্ৰেম। কিয়নো প্ৰেম সদায় অপৰিকল্পিত বা ক্ষণজন্মা ! একপ্ৰকাৰৰ adventure / সদায় বাধা যত বেছি তাত হে প্ৰেম জন্ম হোৱা দেখা যায়। বাধা বা মিলন নোহোৱাৰ সম্ভাবনা যিমান বাঢ়ি যায় প্ৰেম গাঢ় হৈ যায়। প্ৰেম আৰু বিবাহ কেতিয়াও একে হব নোৱাৰে। প্ৰেমৰ বাবে বিবাহ হব পাৰে কিন্তু বিবাহ হোৱা কাৰণে প্ৰেম হব নোৱাৰে। যদিও হয় সেইয়া এক বুজাবুজি বা compromise.
কাৰোবাক পোৱাৰ উপলক্ষ কৰি যেতিয়াই প্ৰেমত পৰিব প্ৰেমে আপোনাক কন্দুৱাই থাকিব। সেয়ে প্ৰেম কৰক কিন্তু স্বাৰ্থপৰ নহব। চাবচোন প্ৰেমে আপোনাক দিব অমিয়া সুখ-ত্যাগৰ বৌদ্ধত্ব!
#আহকচোন_এবাৰ_এনেদৰে_প্ৰেমত_পৰি_চাওঁক..
______________________________________________________________
![]()  | 
কুন্দ্ৰাক্ষ | উৎপল শিৱম | 
উৎপল শিৱমৰ নব্যতম কবিতাপুথি বাচকবনীয়া মুঠ ৯৫ টি ভিন্নস্বাদৰ কবিতাৰে সমৃদ্ধ প্ৰতিশ্ৰুতি প্ৰকাশনৰ দ্বাৰা নিবেদিত কাব্যপুথি "কুন্দ্ৰাক্ষ " ২৮ জুলাই ২০১৯ ত প্ৰকাশ পাইছে।
ইচ্ছুক কবিতা প্ৰেমিয়ে ওচৰৰ কিতাবৰ দোকানত সন্ধান কৰিব পাৰে। বিশেষ জানিবলৈ আমাক comment বা mail কৰিব পাৰে।
Official email: twilightofpoem@gmail.com
----------------------------------------------------------------------
🔶 আপোনাৰ কথা অমালৈ লিখি পঠাওক। নীলা খামৰ চিঠি শিতানত আপোনাৰ আপোনাৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আমাৰ ইমেইলত আপোনাৰ লিখনি পঠাব পাৰে।
🔶 আপোনাৰ কথা অমালৈ লিখি পঠাওক। নীলা খামৰ চিঠি শিতানত আপোনাৰ আপোনাৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আমাৰ ইমেইলত আপোনাৰ লিখনি পঠাব পাৰে।
আমাৰ ইমেইল: twilightofpoem@gmail.com
----------------------------------------------------------------------🔶 আপোনাৰ কবিতা আমালৈ পঠিয়াওক আৰু লাভ কৰক কিছু আকৰ্ষণীয় উপহাৰৰ সুযোগ।
•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)



খুব সুন্দৰ অনুভৱ @উৎপল শিৱম
ReplyDelete