নাৰী মাত্ৰেই ধৰ্ষিতা
![]() |
| নাৰী মাত্ৰেই ধৰ্ষিতা :: twilightofpoem |
নাৰী মাত্ৰেই ধৰ্ষিতা
✍উৎপল শিৱম
হয় মই..
বিনাদ্বিধাই কম..
মই ধৰ্ষিতা !
কি হ'ল?
উচপ খাই উঠিল ন?
ঘৃণাত নাক সিঙতা খায় গ'ল ন?
দু:চৰিত্ৰা,স্খলিতা বুলি আপোনা-আপুনি মুখেদি ওলাই আহিছে...
আপোনাৰ বিষবাষ্প?
মই নাৰী.....!
দিনটোত বহুবাৰ ধৰ্ষিতা হওঁ...
লুলুপ পুৰুষৰ শগুণীলতাৰ দৰে বিকৃত যৌনতাৰ!
সেইযে কিশোৰী দেহত মোৰ লাহে লাহে পুৰঠ হৈছিল কলাফুল...
বুকুত গজিছিল পয়োধৰৰ পদুম কলি...
নিতম্বত বৰষুণৰ পানীয়ে এখন্তেক জীৰাই বাগৰি পৰিছিল...
তেতিয়াৰ পৰা ধৰ্ষিতা মই-
কামাৰ্ত্ত পুৰুষৰ লুলুপ দৃষ্টিৰ!
ঈশ্বৰৰ যে কি মহিমা!
নাৰীক দিলে মানুহৰ চাৱনি বুজাৰ অদ্ভুত ক্ষমতা।
বিদ্যালয়ৰ ইউনিফৰ্মৰ স্কাৰ্টটোৰ মাজেৰে....
এক্সৰে কৰে পঞ্চাছউৰ্ধৰ কীচকৰ দৰে শিক্ষকজনে!
ঘৰলৈ উভতা পথত....
পাণদোকানী,পথাচাৰী অথবা অটোৱালা ক'লাকৈ ড্ৰাইভাৰটো....
চেলেকি চেলেকি খায় মোৰ ভৰিৰ পৰা মূৰলৈ...
কিম্ভূত-কিমাকাৰ সৰিসৃপৰ দৃষ্টিৰে!
মোৰ এটি সামান্য ৰোগত.....
আদহীয়া চিকিৎসক জনে ষ্টেটিচকোপ দালেৰে হেচি হেচি কোমল বুকুত....
আঙুলিৰে জানো কিয় কিলবিলাই ফুৰে বুকুৰ দুইকাষে!
স্পৰ্শৰ কম্পণ চিনি পাওঁ....
অদমনীয় উত্তেজনাই মুখৰ বৰণ কেহৰাজ যেন কৰে...
দেখিলেই বুজি পাওঁ!
অসুস্থ মই....
আৰু চিকিৎসক নামধাৰী মানুহজন ঘামি জুৰুলী-জুপুৰী হয়!
বুজি পাওঁ,বুজি পাওঁ পুৰুষ...
ধৰ্ষণ কৰিছ স্পৰ্শানুভুতিৰে মোৰ..
অসূৰ্য্যম্পশ্যা নাৰীত্বক!
যানবাহন অথবা লিফটত...
বা জনপূৰ্ণ বজাৰত...
মই ধৰ্ষিতা....
প্ৰতিক্ষণ!
যৌবনৰ মধ্যাহ্নত...
মোৰ দেহাৰ সোৱাদ বিচাৰি....
কিমান যে উপঢৌকন!
প্ৰেমৰ পোচাক পিন্ধি আহে বাসনাৰ লেলাউটি বোৱাই....
কোনোবা আহে সপোনৰ সদাগৰ হৈ....
মোৰ যৌনতাৰ নদীলৈ ধিয়াই!
অথ: উদ্দেশ্য... মোক স্পৰ্শ বা দৃষ্টিৰে বা নগ্নতাৰে ধৰ্ষিতা কৰি.....
তামোলৰ চুবা কৰি পেলাই যাবলৈ!
বিবাহ! শিৰত সেন্দুৰীয়া দলিল আঁকি..
এইযে মানুহজনে সাব্যস্ত কৰিলে অধিকাৰৰ বাঘজৰী....
শাৰীৰিক মানসিক সামাজিক....
সকলো ফালেই ধৰ্ষিতা মই।
মোৰ পতি ধৰ্ষনকাৰী...!
মোৰ চৌদিশৰ প্ৰতিজন পুৰুষ ধৰ্ষণকাৰী....!
যি পুৰুষৰ দুচকু, নাৰীৰ দেহৰ আলিয়ে গলিয়ে পিশচীয়া দৃষ্টিৰে....
পিটপিটাই ফুৰে....
সকলো ধৰ্ষণকাৰী!
অ তহঁত ধৰ্ষণকাৰী!!
ধৰ্ষণৰ অৰ্থ অকল..
শাৰীৰিক ভাবে নগ্ন কৰি...
বীজ-মন্ত্ৰ নিক্ষেপণ নহয়!
দৃষ্টি,স্পৰ্শ বা মানসিক ভাবেও কৰিব পাৰি ধৰ্ষণ।
তেনে হিচাপেই মইও ধৰ্ষিতা...
ধৰ্ষিতা আপুনি,ধৰ্ষিতা জননী....
ধৰ্ষিতা প্ৰতিগৰাকী নাৰী.....
কিয়নো,নাৰী-ধৰ্ষণ পুৰুষৰ জন্মগত প্ৰবৃত্তি।


Very touching
ReplyDelete