Twilight Of Poem

চিতলৰ সোৱাদ | দৰিদ্ৰতাৰ কবিতা। উৎপল শিৱম| twilight of poem

twilightofpoem


চিতলৰ সোৱাদ


-উৎপল শিৱম

 জালত চিতল মাছ পৰিলেই..
মোৰ পেটমচাটোলৈ মনত পৰে..!
সি সদায় বাখৰৰ দৰে চিকমিকাই থকা...
চিতলৰ গালখন চুই সুধে...
"পিতাই, চিতল মাছৰ সোৱাদ কেনেকুৱা?"
মোৰো সেই একেই বুকু চেপি ওলাই অহা নিৰ্বিকাৰ উত্তৰ-
"চাওঁ গুচ্ নুচুবি-
এইবোৰ ডাঙৰ মানুহৰ মাছ..."!
খালেও হজম কৰিব নোৱাৰো...
ডিঙিতে লাগিব ফাঁচ!

 নৈপৰীয়া দুপৰীয়া বিলখনত ...
জাক পাতি মাছ পৰে!
পুঠি,খলিহনা ,ভেচেলি ..
এনেই গচকত মৰে!
চিটলৰ চটচটনি শুনিলেই...
পেটমচাটোলৈ মনত পৰে!

আবেলিৰ হাতলৈ বুলি...
চোতালতে কলাপাতত মাছবোৰ বাকোতে...
পুথি দৰিকণাৰ মাজে মাজে বগুৱা বাই গৈ গৈ..
চিটলৰ ফানকোচাত....
সি খামুচি ধৰে!
বুকুত চেপি ধৰি বিকট আৰ্তনাদটো..
আচাৰি আতৰ কৰো তাৰ নিমাখিত হাতখন..!
"চাওঁ গুচ,লাটচাহাবৰ পো...
পিতলৰ জীৱন লৈ..
চিতলত চকু!"

সন্ধ্যাহাটত টিপ চাকিৰ ঘিটমিট পোহৰত.....
গৰৈ কাৱৈ খলিহনাবোৰ
চেদেলি-ভেদেলি হৈ পৰি থাকে প্ৰেতাত্মাৰ দৰে ...
মাথো চিতলৰ তেলফটা শৰীৰটোহে...
মুকুতা পাথৰ হৈ চিকমিক কৰে!

চাহাবী খোজেৰে আহি...
কোনোবা বৰ মানুহে গোটে গোটে চিতলটো যেতিয়া কিনি....
জোতাৰ ধুলি উৰুৱাই গুচি যায়!
বুকুৰ মাজেদি শিঙিমাছৰ কাঁইটডাল..
কলিজা ফালি...
গজ্গজ কৈ সুমাই যায়!

মাছৰ পাচিটোতেইটো মোৰ দৈনিকী হিচাপ..
এচাকি কেৰাচিন...
এসঁজীয়া খোৰাকি ...
কৰ্কত ৰোগে খুলি খোৱা মানুহজনীৰ বাবে...
নিশাৰ সঞ্জীবনী ..
দুটা বিষৰ বড়ি!

চিতল পৰিলেই হাটৰ বেহাখন ভালদৰে চলে...
জাকপাতি মানুহবোৰে...
চকুৰেই চেলেকি নোহোৱা কৰে....
চাৰিসেৰীয়া চিতলৰ..
তেল লগা মঙহবোৰ!
পেটমচাটোৱে খামুচি ধৰা..চিতলৰ ফানকোচা..
বৰমানুহৰ মোনাত সুমাই...
মোক ভেঙুচালি কৰি গুচি যায়।

টোপনিৰ পৰা সাৰ পাই..
ভাতৰ পাতত বহি...
নিমখবোৰ সানি সানি...
পেটমচাটোৱে সুধে...
"পিতাই, চিতলৰ সোৱাদ কেনেকুৱা?"
নিৰবে বুকু ভাগি ওলাই আহে...
যন্ত্ৰণাৰ চিঞৰবোৰ!
ভাতগৰাহ তাক মুখত গুজি কওঁ-
"চিতলৰ সোৱাদ লুণীয়া অ পিতাই...
ঠিক তই সানি থকা নিমখকণৰ দৰেই"
-----------------------------------------------------------------

(উৎপল শিৱমৰ নব্যতম কবিতাপুথি বাচকবনীয়া মুঠ ৯৫ টি ভিন্নস্বাদৰ কবিতাৰে সমৃদ্ধ প্ৰতিশ্ৰুতি প্ৰকাশনৰ দ্বাৰা নিবেদিত কাব্যপুথি "কুন্দ্ৰাক্ষ " অহা ২৮ জুলাই ২০১৯ ত শুভমূক্তি হব। )

🔶Raise your voice on POVERTY. Share your writings with us. ▶️Submit your writings here


(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)

▶️ You can also read : নাৰী মাত্ৰেই ধৰ্ষিতা
                                                     Women Harrassment
•Please give your Valuable feedback on the comment box. Tell us what you feel about the Women Harrassment in our society, share your thoughts and Suggest us a way to cope up with the situation.

       

No comments