Twilight Of Poem

বানপানীৰ কথাৰে!

বানপানীৰ কথাৰে :: twilightofpoem.in


বানপানীৰ কথাৰে!

-  গাৰ্গী কলিতা

 

   ১
তুমি অহা যোৱা কৰা বাট
এতিয়া নিলাজীৰ হাট..
বকুলৰ বুকুত আজিওঁ সূৰ্য্য মাৰ যায়!
          
            ২
ঠিক নীলা, উম! ঠিক নীলাৰ দৰেই
মথাউৰিত এটি সৰু ঘৰৰ পৰা দেখা আকাশখনত ফুটুকা ফুটুক
শুকুলা ডাৱৰৰ টুকুৰা,
কেতিয়াবা হৈ পৰে জলন্ত একো একোটা আগ্নেয়গিৰি..
আমাৰ বাবে! মোৰ বাবে!

         ৩
মোৰ কপালৰ ৰঙা ফোঁটটো গিলি পেলোৱাৰ দৰেই,
নৈখন ফোপাই আহে..!! 
নৈখন এইবাৰো উথলি উঠিছে,
ভৰ বাৰিষাৰ যৌৱনে খান্দি গৈছে সপোনবোৰ 
খহি খহি বিলুপ্তিৰ পথত মোৰ উশাহটো..  

        ৪
হয়টো শেষ নিশা আজি মোৰ তৰা গণিবলৈ।
বিষন্নতাৰ কোলাত,অবাক অস্থিৰ মই!
ৰ'দ-ছায়াৰ দোমোজাত
 গ্ৰীষ্ম-শীতৰ তুলাচনীত, 
উৱলি যোৱা স্মৃতিবোৰৰ হিচাপৰ বহীখন 
আজি শূণ্য।

      ৫
আজিও এজাক বৰষুণ আহিব! 
নৈৰ পানীয়ে ৰাতিয়েই মহতিয়াই লৈ যাব খোজবোৰ..।
নিঃসন্দেহে নিঃচিহ্ন হ'ব চিঞৰ কিম্বা উচুপনিৰ দাবানল।

       ৬
হে নৈ..... আৰু নকৰিবি উত্ৰাৱল..
এয়াই যে শেষ সময়, নিচুকনি গীত গাই উচুপি উঠাৰ...!! 
নৈ পৰীয়া এজাক বতাহৰ সতে সহবাস মোৰ বহু যুগৰ;
অথচ আজি মই ভাগৰুৱা সৈনিক "জীৱন নাটৰ"।

(All rights reserved by www.twilightofpoem.in , copying without proper permission is strictly prohibited)

1 comment: