দিখৌ নৈয়ে ৰিঙিয়াই | কল্যাণ জ্যোতি ডেকা | অসমীয়া চুটি গল্প
“ দিখৌ নৈয়ে ৰিঙিয়াই ”
-কল্যাণ জ্যোতি ডেকা
লাহে লাহে পৃথিৱীখনক শীতলীয়া আমেজে আৱৰি লৈছিল ৷ ট্ৰেইনখনৰ ছিটত বহি খিৰিকীৰে দুৰণিৰ অস্পষ্ট লাইটবোৰ চাই চাই যাত্ৰা কৰি আছো ৷ ব্যক্তিগত কাম এটিৰ বাবে সম্পকীয় আলহী এঘৰলৈ আহিছিলো ৷ ষ্টেচনৰ পৰা বহুখিনি ভিতৰত ৷ ট্ৰেইনখন যথেষ্ট দেৰি কৰিছিল মোৰ লক্ষ্যস্থান পাঁওতে ৷ নিশা ৯ বাজি ৪৫ মিনিট  হৈছিল ৷ জনশূন্য ষ্টেচন ৷ মবাইলত নেটৱৰ্ক এডালো নাই ৷ ট্ৰেইনখনৰ পৰা নামিলো ৷ দীঘল উকি এটি মাৰি ট্ৰেইনখন গলগৈ ৷ ষ্টেচনৰ বাহিৰত গ’লো ৷ মাত্ৰ দুখন টেক্সি ৷ তাৰেই এখনৰ ড্ৰাইভাৰৰ লগত দৰদাম কৰি মোৰ লক্ষ্যস্থানলৈ বুলি আগবাঢ়িলো ৷ বৰ জয়াল পৰিৱেশ ৷ গাড়ীৰ হেডলাইটে এন্ধাৰ ফালি আগুৱাই গৈ আছে ৷ ৰাস্তাবোৰৰ অৱস্থাও শোচনীয় ৷ লেহেমীয়া গতিৰে গাড়ীখন গৈ আছে৷ এখন হোটেল দেখিলো ৷ চাহ একাপ খোৱাৰ বাবে ড্ৰাইভাৰজনক গাড়ীখন ৰখাব ক’লো ৷ ড্ৰাইভাৰজনে গাড়ীখন ৰখালে ৷ মই হোটেলখনত প্ৰৱেশ কৰিলোঁ ৷ মুখ হাত ধুবলৈ বাথৰুমৰ পিনে অগ্ৰসৰ হ’লো ৷ চাহকাপৰ আমেজত ভাগৰুৱা দেহটিৱে সকাহ পালে ৷ হোটেলত এজনী ছোৱালী দেখিলো ৷ পিন্ধন উৰণ বৰ আচহুৱা ৷ কিন্তু বৰ মৰম লগা ৷  কৰবাত দেখা যেন অনুভৱ হ’ল ৷ কিন্তু মনত নপৰিল ৷ গাড়ীত উঠিছিলো মাত্ৰ ৷ এইমাত্ৰ দেখা ছোৱালীজনীয়ে ড্ৰাইভাৰক মাত দিলে ৷ ছোৱালীজনী মই য’ত যাব লৈছিলো তাতে যাব আহিছিল ৷ তাইৰ গাড়ীখন বেয়া হোৱাই হোটেলখনত বহি আছিলে ৷ হোটেলখনৰ সন্মুখত থকা চাৰিচকীয়াখন দেখাই ক’লে সেইখন তাইৰ গাড়ী ৷ মই মনতে ভাবিলোঁ বিপদত পৰা মানুহক সহায় কৰিব লাগে কিন্তু আজি কালিৰ যুগত সকলোকে বিশ্বাস কৰাটোও ভুল ৷ বহু সময় ভাবি তাইক আগৰ ছিটত বহিব দিলোঁ ৷ মই পিছৰ ছিটত বহি তাইক নিৰীক্ষণ কৰি থাকিলো ৷ কাৰণ কিবা সন্দেহজনক পাব পাৰোঁ বুলি মই সতৰ্কতা অৱলম্বন কৰিলোঁ ৷ আমাৰ যাত্ৰা আৰম্ভ হ’ল ৷ সকলো নিমাত ৷ মই মাজে মাজে তাইৰ ফালে চাই আছোঁ ৷ কিবা যেন মনত পেলাবলৈ চেষ্টা কৰিছোঁ ৷ নাই ! মনত নপৰে ৷ তাইক এইদৰে লক্ষ্য কৰি থকাটো ভালকথা হোৱা নাই ভাবি অন্যফালে চাব ল’লো ৷ হঠাৎ ড্ৰাইভাৰজনে ব্ৰেক টানি দিলে ৷ মই কি হ’ল সুধিলোঁ ৷ সি আগেৰে কিবা দৌৰি যোৱা যেন পালে ৷ একো নাই বুলি কৈ গাড়ীখন আকৌ চলাব ল’লে ৷ লক্ষ্যস্থান পাবলৈ কিছু সময় আছে ৷ ছোৱালীজনীয়ে ক’লে তাইৰ ঘৰ কিছু আগত থৈ আহিবলৈ ক’লে ৷ মই ড্ৰাইভাৰজনক যাব ক’লো ৷ তাই যিদৰে পথ দেখুৱাই গৈ আছে ড্ৰাইভাৰেও তেনেদৰে গৈ আছে ৷ হঠাৎ ড্ৰাইভাৰজনে ব্ৰেক কৰি গাড়ীখন ৰখালে ৷ কাৰণ আগত এইখন দিখৌ নৈ ৷ আৰে !! ছোৱালীজনী ক’ত গ’ল ৷ মই আৰু ড্ৰাইভাৰজন হতবাক ৷ আমি কি কৰোঁ কি নকৰোঁ একো উৱাদিহ পোৱা নাছিলোঁ ৷ কেৱল শিহৰিত হৈছিলোঁ আমি ৷  প্ৰচণ্ড জোৰেৰে শব্দ কৰি অহা ঢেৰকণিত আমি যেন সম্বিৎ ঘুৰাই পালোঁ ৷  ধাৰাসাৰ বৰষুণ এজাক আহিল ৷ লগতে এজাক প্ৰবল বতাহ ৷ বহু চেষ্টা কৰিও ড্ৰাইভাৰজনে গাড়ীখন ষ্টাৰ্ট কৰিব পৰা নাই ৷ বহুসময় পিছত গাড়ীখন ষ্টাৰ্ট হ’ল ৷ হেডলাইট জ্বলি উঠিল ৷ হেডলাইটৰ পোহৰত স্পষ্টকৈ দেখিলো সেই দুৰ্ভগীয়া পৰিয়ালটি ৷ পানীৰ ওপৰত শাৰী পাতি থিয় হৈ আছে আমাৰ পিনে লক্ষ্য কৰি অাছে ৷ হাতবাউল দি আমাক মাতি আছে ৷ লাহে লাহে সিহঁত দিখৌ নদীৰ পানীত ডুব যাব লৈছিল ৷ আমাৰ ফালে চাই মাথোন বৰ কাতৰভাৱে চিঞৰিছিল “ আমাক বচোৱা ” ৷ মোৰ তেতিয়া মনত পৰিছিল ছোৱালীজনী ক’ত দেখিছিলো ৷ মই অচেতন হৈ পৰিছিলোঁ ৷ কাৰণ সেইদিনাও আছিল অমাৱস্যাৰ ৰাতি...
বিদ্ৰঃ শব্দৰ মাথো এইয়া শিহৰণ ৷ মই আৰু মোৰ হেজাৰ শব্দৰ মালিতাত মোৰ সৃষ্টি আত্মাদৰ্শন ৷ এই কাহিনীটো মোৰ অন্য একাউণ্টত দিয়া হৈছিল ৷ আকৌ এবাৰ উপস্থাপন কৰিলো...
-----------------------------------------------------------------------
-----------------------------------------------------------------------
🔶 আপোনাৰ কবিতা আমালৈ পঠিয়াওক আৰু লাভ কৰক কিছু আকৰ্ষণীয় উপহাৰৰ সুযোগ।
•অনুগ্ৰহ কৰি comment কৰিব চেষ্টা কৰিব। আপোনাৰ comment ত লিখকে প্ৰেৰণা পাব পাৰে। যদি কবিতাটি ভাল লাগে সমনিয়াৰ লগত share কৰিব।
(All rights reserved by the website, copying without proper permission is strictly prohibited, instead share our poem with proper credit)


👌👌👌👌👌👌👌
ReplyDeleteWaw bhut vll lgil
ReplyDeleteWaw bhut vll lgil
ReplyDeleteApunar khokulu kahaniye prhu bhut val lage
ReplyDeleteসুন্দৰ
ReplyDeleteVal lagil porhi moi agote ebar porhisilu
ReplyDelete