এজন প্ৰেমিকৰ কথাৰে..
এজন প্ৰেমিকৰ কথাৰে.
-নীলাভ দিগন্ত
এজন প্ৰেমিকৰ আকঁ-বাকঁ
প্ৰিয়তমা আধুনিকা বৰঠাকুৰলৈ
জীৱন তৃষ্ণা কি জানা তুমি
মৰমৰ কেকটাছজোপাৰ দৰেই
হেঁপাহেৰে কাষলৈ গৈয়ো থমকিব লাগে
এই যে মৰম, এই যে বিষাদ
তাৰ মাজতে যে হেৰাল অৱসাদ
ভালপোৱাৰ জানো এটাই সমীকৰণ
তাৰ মাজতে ক'ত যে অসমাপিকা
এক,দুই কৈ ইমান যে চৰ্ত প্ৰযোজ্য
জীৱনটো কেনভাচতে আৱদ্ধ
কেতিয়াবা মূৰ্ত, কেতিয়াবা জীৱন্ত
সৰাপাতৰো ৰং থাকে হেনো
শেৱালীৰেই ঋতু বন্দনা নহ'বও পাৰে
মনৰ কেনভাচত আঁকি থকা সপোনটো
আজি সি থুনুক থানাককৈ গতি ল'লে!
(সমাপ্ত)

ভাল লাগিল পঢ়ি
ReplyDeleteBorhiya👌
ReplyDeleteWah. Premik monor kotha...keep writing ��
ReplyDelete