Twilight Of Poem

তোমাৰ লগত কটোৱা সেই দুপৰীয়াটি | নীলা খামৰ চিঠি | সাগৰিকা পাঠক | Twilight Of Poem



লগ পোৱাৰ হেপাহ...হাতে হাত ধৰি বহাৰ ইচ্ছা বহু পুৰণি যদিও কেতিয়াও ব্যক্ত কৰিব পৰা নাছিলো...আজি সুযোগ আৰু সময় দুইটা পাই যেন হাতত সৰগ ঢুকি পালো...প্ৰথম কিছু ভয় আৰু কিছু লাজেৰে খোজ দিছিলো তোমাৰ সতে..একেলগে..পিছল খাইছিলো..হয়তো তোমাৰ হাতত ধৰিবৰ বাবেই..মনত এক বুজাব নোৱাৰা অনুভৱ..এনেকৈ অাগবাঢ়িছিলো..বহিছিলো সেমেকা বালিচৰত..সন্মুখত তোমাৰ মোৰ প্ৰেমৰ সাক্ষী বিশাল ব্ৰহ্মপুত্ৰ...আৰু ইয়াৰ অদ্ভুত চাকনৈয়া...যিদৰে সৃষ্টি হৈছিল মোৰ বুকুত তোমাৰ নামৰ সেই একেই ঢৌ ঘূৰণীয়া...অতি আকুলতাৰে তুলি লৈছিলা মোৰ দুহাত তোমাৰ হাতত..এজাক বৰষুণে যেন ধুৱাই নিছিল মোক..মোৰ সত্বাক...দীঘলীয়া মোৰ অপেক্ষাৰ পৰিণাম তোমাৰ বিশাল বাহু আৰু তাতেই মূৰটি পেলাই যেন সুখী আজি মই বহুত..আঃ কি যে এক প্ৰশান্তি..তোমাৰ বুকুৰ উমে যেন জগাই তোলে বাৰে বাৰে মোৰ সুপ্ত প্ৰেমক..মোৰ মিলন জিগ্ঞাসাক...যিমানেই তুমি দুহাতেৰে কাষ চপাই নিছা..লগে লগেই যেন উন্মনা হৈ পৰিছে মোৰ হৃদয় কোঠা..তোমাৰ আঙুলিৰ লহৰে যেন সামৰি লয় বাৰে বাৰে মোৰ অবিন্যস্ত চুলি..তোমাৰ হাতৰ মুঠিতেই যেন শক্তিশালী হয় আমাৰ প্ৰেমৰ এনাজৰী...দুচকুত তোমাৰ তপত নিশ্বাস আৰু কাণত বাজিছে মাথো তোমাৰ দ্ৰুত  স্পন্দন...আৰু যেন একোকেই নেলাগে মোক এই মায়া মোহ...মাথো তোমাৰ তোমাৰ উষ্ণ পৰশৰ মন দই নিয়া অনুভূতিক সাৱটিয়েই বহি ৰম এইদৰে সদায় তোমাৰ কাষত..আজীৱন..একেদৰে...একেলগে...মৰমেৰে..আৱেগেৰে আৰু ৰৈ যাব মাথো এই বিশাল ব্ৰহ্মপুত্ৰ..আমাৰ মিলনৰ সাক্ষী স্বৰূপে...

No comments