Twilight Of Poem

উলংগ বিষাদ


উলংগ বিষাদ

       -অবিনাশ কলিতা


হৈছানে কেতিয়াবা ?
নিজৰ চকুতেই সৰু ৷
সময়ৰ দাপোণে দেখাইছেনে কেতিয়াবা ?
আত্মঅসন্তুষ্টিৰ জীয়া প্ৰতিচ্ছবি ৷

পাইছানে কেতিয়াবা ?
নিজকে ঘৃণা কৰি ৷
পাইছানে কেতিয়াবা ?
কল্পনাহীন ভুলেৰে নিজৰ বৰ্তমানক
লাণ্ঞ্ছিত কৰি ৷

পাইছানে কেতিয়াবা ?
সেই ভুলক কেন্দ্ৰ কৰি 
আন হাজাৰটা ভুলৰ বৃত্ত আকি ৷
পাইছানে কেতিয়াবা ?
নিজৰ মনোকষ্টৰ বাবে
আপোনজনক যন্ত্ৰণা দি ৷

অৱশেষত উপাইহীন হৈ
পাইছানে তুমি ?
অনুভূতি , শব্দ আৰু কলমেৰে
যুদ্ধ কৰি !

(All rights reserved by twilightogpoem.in, copying without proper permission is strictly prohibited)

No comments