স্পৰ্শ | অম্লানিকা কলিতা | অসমীয়া চুটি গল্প : Twilight Of Poem
স্পৰ্শ!
-অম্লানিকা কলিতা
নিয়ন্ত্ৰণৰ বাহিৰৰ কথাবোৰৰ বাবে হেনো মানুহে ভগৱানক দোষাৰোপ কৰিব খোজে।ৰাতিৰ আন্ধাৰবোৰ তেওঁৰ আজিকালি সৰ্বগ্ৰাসী যেন লাগে!নিজকে ডেকাকলৰ সেই ভাওনা কৰা দিনবোৰৰ ভাৱঁৰীয়া যেনো লাগে কেতিয়াবা!আন্ধাৰতে মোছকোছা পকাই থাকে,আঁচল মোছ নহয়চোন!এইয়া ভাওনাৰ কেফিয়াৰ!হঠাতে আচহুৱা আচৰণ কৰে তেওঁ!মুখত কলগেট লেপি লয় প্ৰসাধনৰ প্ৰলেপ বুলি!দুই-এফাঁকি বচন মাতে-হঠাতে অস্থিৰ হৈ পৰে সন্ধিয়াটো।নাতিনী মনিষাই ককাকক চম্ভালিবলৈ পায্যমানে চেষ্টা কৰে!গৌতম বুদ্ধৰ দৰে ধৈয্যশীল হোৱাৰ প্ৰয়াস কৰে।
      কিছুদিনৰ পৰা ঘৰখনত অনাহুত ভয় এটাই আৱৰি আছে,এই যে মণিষাৰ ককাকৰ কাকো চিনি নোপোৱা অৱস্থাটোৱে ঘৰখনত হাঁহিৰ ৰেশমানো নাইকিয়া কৰি পেলাইছে।কৰবাত আউল লাগিছে।যিবোৰ সন্ধিয়া ডবা-কাঁহৰ শব্দত মুখৰিত হৈছিল,সেই সন্ধিয়া বোৰ আজিকালি অচিনা আশংকাত বুৰ গৈ থাকে।মনীষাই পঢ়ি অতোৱা "Sapiens:A Brief History of Humankind"কিতাপ খনৰ ইতিহাস আওৰাই থাকে!আগৰ সেই পোহৰৰ দিনবোৰ প্ৰতিসৰিত হৈ ঘূৰি অহাৰ সপোন দেখে।ককাকৰ মুখৰ পৰা যেন আকৌ শুনিব নামঘোষা এফাঁকি অথবা উম লৈ শুই পৰিব ককাকৰ এৰিয়া চাদৰখনৰ তলত।ককাকৰ স্পৰ্শlনুভূতিয়ে আৱেগ-বিহ্বল কৰি পেলাই তাইক।এটাৰ পাছত এটা দিন যেন এটা দীঘলীয়া ঋতু হৈ গ'ল।দেউতাক নোহোৱা এই ঘৰখন মাক আৰু তাই যথেষ্ট কষ্টেৰে ঘৰ কৰি ৰাখিছে।মানুহৰ কিছুমান কথাই মাক আৰু তাইক দুখ দিয়ে।বৃদ্ধৱস্থাৰ প্রতি মানুহৰ ইমান পুতৌ কিয়?কিয় কয় এনেকৈ থকাতকৈ মৰি যোৱা হ'লেই ভাল আছিল বুলি?হেঁপাহৰ সমন্ধবোৰ চোন আজিকালি লাভ-লোকচানৰ চাবি-কাঠীৰে পকাই থোৱা থাকে।তাইৰ মনত পৰে কোনোবা উপন্যাসৰ কথাবোৰ ..
"ফল নিদিয়া গছে ছাঁ দিয়ে,বাটোৰোৱাৰ ভাগৰ খেদায়, সেই গছৰ ডালত চৰায়ে পোৱালি জগায়,বিষ্ঠাৰে গছজোপা লেতেৰা হয়,সেইবুলি গছে জানো চৰাই খেদে ??"
    কিমান যে আপোনতা লুকাই আছে কথাবোৰত।ভালপোৱা আদায় কৰিবলৈ মানুহৰ মনতো যে থাকিব লাগিব ভালপোৱাৰ বীজ সৃষ্টি কৰাৰ হাজাৰটা কোঠালি!কওঁক হাজাৰ জনে ককাকৰ কথা বেয়াকৈ,ভাঙক তাই বনোৱা টেৰাকোটা ফুলদানি বোৰ!কিন্তু চেতন মনেৰেতো কৰা নাই তেওঁ....!!
     ভুউ.... ভুউ....
মুখেৰে শব্দ কৰি,শ্বকেছৰ পৰা তাইৰ পুৰণি খেলনা গাড়ী এখন চলাই ককাক আগবাঢ়ি আহিছে তাইৰ ফালে।হঠাত তাই ককাকলৈ একেথৰে চাইছে-এটি কণমানি শিশুৰ দৰে ভয়ত কঁপি মুখেৰে বিৰ-বিৰাইছে.."মই ..মই দুষ্ট নকৰোঁ..পঢ়িম ..মই আজিৰ পৰা পঢ়িম...।"
      দুনয়ন তাইৰ লোতকে ভৰি পৰে।ককাকৰ এই অৱস্থাটো অসহনীয় হৈ পৰে।এদিন যে এই হেঁপাহৰ বেলিটোৱে মেলানি মেলিব তাৰ দুখত নহয়।বৰ্তমানক স্বীকাৰ কৰাৰ অজুহাতত হে।মাকৰ হাতত ধৰি এটি অবোধ বালকৰ দৰে আকৌ গোঁসাই ঘৰৰ কঠত বহি পৰে তেওঁ।আকৌ বিৰ-বিৰাই "নমো কৰিম মই!!"
   "মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো:"মাকে প্ৰাৰ্থনা জুৰে।মাকৰ মাতটো শেষৰ ফালে থোকা-থোকি হৈ আহে।কাহিনী এটা মুজুৰা পৰে।ককাক অকণমানি এটাৰ দৰে ধূপকাঠিবোৰ হাতেৰে লিৰিকি-বিদাৰি বহি থাকে।হঠাৎ তাইৰ খোজৰ শব্দ শুনি চকুমুদি প্ৰাৰ্থনা কৰাৰ অভিনয় কৰে।তাইৰ বুকুখনত দুখবোৰ পোৱালি পাৰি বহে।ককাকক মাক আৰু তাই কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিয়াৰ পণ লয়।
ককাকে মৌনতা বাকি দিয়া গধূলাটোত পুৰাতন সময়ৰ বহু পৃষ্ঠা  তাইৰ হৃদয়ৰ কেনভাছত অংকিত হৈ ৰয়।ডাক্তৰৰ চেম্বাৰে চেম্বাৰে গৈ মাক আৰু তাই ভাগৰি পৰে।ককাক আলঝেইমাৰ্চ পেচেন্ট!!চিৰ আৰোগ্য নহয় কেতিয়াও।মাথোঁ মৰম-চেনেহ আৰু যত্নইহে ককাকক কিছু সুস্থ কৰিব-প্ৰতিজন ডাক্তৰৰ শেষ কথা এটাই।সেই আত্মিক সম্পৰ্কৰ,মৰমৰ কৃপনালি কৰা নাই সিহঁতে।
    তাইৰ বিশ্বাস সেউজীয়া সপোনৰ সুঁতি এটা আকৌ উজাই আহিব,সুখবোৰে সিদিনা পোৱালি পাৰিব।সুখৰ সন্ধানত মাকে গধূলিলৈ ভকতৰ বাবে পকা জলপান এটাৰ আয়োজন কৰে।ককাকে যেন উমান পাইছে আজি ঘৰখনত কিবা এটাৰ আয়োজন হৈছে,কোঠালিলৈ গৈ আলমিৰাৰ চাবি খুলিছে.. বাধা দিয়া নাই সিহঁতে.. কৰকচোন কি কৰে!কাপোৰৰ জাপবোৰ খহাই নিজেই উলিয়াই লৈছে শুধ বগা পাঞ্জাৱী -চুৰিয়া, গামোছা।নিজেই পিন্ধি লৈছে।তাইৰ দুচকুৰে অশ্ৰু  নিগৰিছে।এই যে ধূসৰ হ'ব খোজা সপোন এটা সেউজীয়া হ'বলৈ গৈ আছে সেইবাবে!!
  " বহক...!!
ভুউ..... হঠাতে তাই সচকিত হৈ উঠিছে।
Sapiens:A Brief History of Humankind"কিতাপখনৰ বুকমাৰ্ক দিয়া পৃষ্ঠাবোৰ বৰকৈ জিলিকিছে।সন্মুখত তাইৰ ককাকে গাড়ী চলাই আছে মুখেৰে।দিনটোৰ ভাগৰে তাইৰ চকুহাল জপাই তুলিছিল।খচ-মচাই উঠি তাই ককাকক লৈ যায় বিচনালৈ...
"ব'লা ককা,মুখ-হাত ধুই লৈ চাহ-জলপান খাবা।গধূলি হ'ল নহয়!!!
    মাকৰ মনত অহংকাৰ.. এইযে হৃদয়ৰ স্পৰ্শখিনি সেই স্পর্শই আনিব এদিন সুস্থতা !সমাজৰ সুস্থতা!হওঁক এনেদৰেই ক্ৰমাৎ জুৰ পৰিবলৈ লোৱা শৈশৱ এটা আলফুলে ধৰি ৰাখিব সিহঁতে!!!
-------------------------------------------------------------------------------------
🔶 You can Share your writings with us. mail us and We will Publish your Work
twilightofpoem@gmail.com
(Stay tuned for the latest updates. Visit our website for more updates of Poems and Short Stories)
(Copyright reserved by the author. Copying or remaking without proper permission is strictly prohibited.)


'স্পৰ্শ'... বৰ ধুনীয়া গল্প👌
ReplyDeleteঅন্তৰ চুই গ'ল..
ReplyDeleteহৃদয় চুই যোৱা লিখনি ❤️
ReplyDeleteবৰ সুন্দৰ হৃদয়স্পৰ্শী লিখনি❣️
ReplyDeleteধুনীয়া হৈছে👌
ReplyDeleteঅম্লণিকা তোমাৰ লেখনি সচাকৈ অতি আকৰ্ষণীয়
ReplyDeleteSomething very deep and soulful it is. Keep sharing your beautiful thoughts with the world dear. Shine bright.
ReplyDeleteBohut dhunia hoise ba.. Beautiful thoughts. 😊😊👍👍👍
ReplyDeleteতোমাৰ লিখনিয়ে মনটো চুই যায়...
ReplyDelete