Twilight Of Poem

বাৰিষাৰে বৰষুণ


বাৰিষাৰে বৰষুণ

          -জ্যোতি দেৱী


গগণ ফলা মেঘৰ গাজনিৰে জিৰ জিৰকৈ
বৰষুণৰ টোপাল বোৰে বাৰিষা হৈ জোৱাৰ
তুলিবলৈ তুমি আকৌ আহিবা।
অপেক্ষাৰ অন্তহীন আশাবোৰ সামৰি
মই ৰৈ থাকিম
তোমাৰ কাব্যস্ৰোতৰ উমান লবলে
চাই ৰম পাহাৰৰ জুৰিটি
বোৱতী নদীখন
জানোচা জিলিকি উঠে তোমাৰ প্ৰতিচ্ছবি
প্ৰেমৰ সুগন্ধি একাজলিৰ সৈতে তুমি
আকৌ এবাৰ আহিবা
লুইতৰ পাৰত বহি
সন্ধিয়াৰ মৌন সমদল চাবলে
খিলখিলিয়া হাহিঁৰ মাজত
আশাৰ সেউজীয়া সপোন ৰচিবলে
আবেলিৰ মলয়া বতাহজাকৰ
মাজত দুচকুত দুচকু থৈ
নিজ‍ান বেলাটো পাৰ কৰিবলে
তুমি উভতি অহাৰ আশাৰে
মই অপেক্ষাৰত
অপেক্ষাৰ ননী

No comments