Twilight Of Poem

শব্দহিনতা এক অনুভূতি।


শব্দহিনতা এক অনুভূতি।


  আজি শব্দহিনতাই আগুৰি ধৰিছে।
চাৰিওফালে যেন এক নিস্তব্দ পৰিবেশ।
মৌনতাৰ বিয়াকুল চিঞৰে।
মোৰ কাণ দুখন এনেদৰে সেচি ধৰিছে
যেন কেনিবা সত্ৰো ৰণ সৈনিকে
পৰাজয়ৰ বাবে কৰা আপ্ৰান প্ৰচেষ্টা।
কেতিয়াবা কেতিয়াবা মন যায় হাৰ মানিব।
কিন্তু সেয়া যে মোৰ স্বভাৱ নহয়।
দুখ বেদনাই মৰমত মোক আঁকোৱালি ‌‌‌লৱ খোজে
কিন্তু ‌‌‌সেয়া যে ‌‌‌মোৰ গন্তব্য স্থান নহয়।
জীৱনটো বৰ কঠিন, নিঃসহায় সমাজত,
মানৱতাৰ অন্তিম ক্ষণলৈকে
বীৰ লাচিতৰ দৰে সাহসী
আৰু ত্যাগী নোহোৱালৈকে
জীৱনে যে প্রতাৰণাৰ প্রতিশ্ৰতিৰে
এটি এটি ক্ষণ আগভেটি ধৰে।
কিন্তু আমি যে লাচিতৰ দেশৰ সন্তান,
ত্যগী আমাৰ স্বভাৱ,
বিজয়ী আমাৰ লক্ষ্য।
জীৱনৰ বাটত আমি এনেদৰেই 
লক্ষৰ প্ৰতি আগবাঢ়ি যাম।

লেখক:
মিলিক আহমেদ।

No comments